NORTHEAST NOW (Assamese)

‘অপাৰেশ্যন কাবেৰী’ৰ সফল সমাপ্তি : সুকলমে ঘৰলৈ আহিল ৩৮৬২ গৰাকী প্ৰবাসী ভাৰতীয়

May 6, 2023 11:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 6, 2023 11:17 am

যুদ্ধবিধ্বস্ত চুডানৰ পৰা সুকলমে ৩৮৬২ জন ভাৰতীয়ক উদ্ধাৰ কৰি সফল সমাপ্তি ঘটে ‘অপাৰেশ্যন কাবেৰী’ৰ।

বিদেশ মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে ঘোষণা কৰে যে ভাৰতীয় বায়ুসেনাৰ চি ১৩০ জে বিমানেৰে আৱদ্ধ হৈ থকা ৪৭ জন যাত্ৰীক ভাৰতলৈ উভতাই অনা হৈছে। চুডানত থকা সকলো ভাৰতীয়ৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। জয়শংকৰে এই অভিযানৰ জটিলতাকো স্বীকাৰ কৰে, য’ত চুডানৰ বিভিন্ন স্থানৰ পৰা মানুহক অস্বস্তিকৰ নিৰাপত্তাজনিত পৰিস্থিতিত প’ৰ্ট চুডানলৈ স্থানান্তৰ কৰা হৈছিল।

লগতে পঢ়কঃ বিজেপিয়ে আমুৱালে, প্ৰাক্তন বিধায়ক জয় ৰাম ইংলেঙে যোগ দিলে কংগ্ৰেছত

মন্ত্ৰীগৰাকীয়ে টুইটত তেওঁ লিখিছে, “৪৭ জন যাত্ৰী কঢ়িয়াই ভাৰতীয় বায়ুসেনাৰ এখন C130 J বিমান ভাৰতত অৱতৰণ কৰিছে। ইতিমধ্যে অপাৰেশ্যন কাবেৰীৰ দ্বাৰা ৩৮৬২ জন ব্যক্তিক চুডানৰ পৰা উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ ১৭খন বিমান আৰু ৫খন নৌসেনাৰ জাহাজৰ জৰিয়তে ভাৰতীয় সকলক চুডানৰ পৰা উদ্ধাৰ কৰি চৌদি আৰৱৰ জেদ্দাৰ নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল। চুডানৰ সীমান্তৱৰ্তী দেশসমূহৰ মাজেৰে উদ্ধাৰ কৰি উলিয়াই অনা হৈছিল ৮৬ গৰাকী ভাৰতীয়ক।

অপাৰেশ্যন কাবেৰীৰ দ্বাৰা উদ্ধাৰ কৰি আনি জেদ্দাৰত ৰখা ভাৰতীয় সকলে বায়ুসেনা আৰু বাণিজ্যিক বিমানেৰে ঘৰলৈ লৈ আহিছে।

লগতে পঢ়কঃ উত্তপ্ত মণিপুৰ! হিংসাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবীত গুৱাহাটীতো মণিপুৰী ৰাইজৰ প্ৰতিবাদ

বিদেশ মন্ত্ৰী জয়শংকৰে ভাৰতীয় লোকসকলক আতিথ্য প্ৰদান কৰাৰ বাবে চৌদি আৰৱৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। লগতে এই অভিযানৰ সময়ত সহায় আগবঢ়োৱা চাড, ইজিপ্ত, ফ্ৰান্স, দক্ষিণ চুডান, ইউ এ ই, ব্ৰিটেইন, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘক ধন্যবাদ জনায়। ই এ এম য়ে খাৰ্টুমত থকা দূতাবাস আৰু চৌদি আৰৱত নিয়োজিত টিম ইণ্ডিয়া আৰু ভাৰতত সমন্বয়ক এম ই এ ৰেপিড ৰেচপন্স চেলৰ অৱদানক কৃতজ্ঞতা প্ৰদান কৰে জয় শংকৰে।

Related News