• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তপ্ত মণিপুৰ! হিংসাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবীত গুৱাহাটীতো মণিপুৰী ৰাইজৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 8:33 am
মণিপুৰৰ হিংসাৰ বিৰুদ্ধে গুৱাহাটীত মণিপুৰী ৰাইজৰ প্ৰতিবাদ।

মণিপুৰৰ হিংসাৰ বিৰুদ্ধে গুৱাহাটীত মণিপুৰী ৰাইজৰ প্ৰতিবাদ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বাস কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি মণিপুৰী ৰাইজে শুকুৰবাৰে গুৱাহাটীত এক বিক্ষোভ প্ৰদৰ্শন কৰি নিজৰ ৰাজ্যত হিংসাত্মক ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। গুৱাহাটীৰ মণিপুৰী বস্তি অঞ্চলত প্ৰধানকৈ মেইটেই সম্প্ৰদায়ৰ শতাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মণিপুৰ সমন্বয় সমিতি, গুৱাহাটীৰ বেনাৰত প্ৰতিবাদকাৰীসকলে ‘মণিপুৰত শান্তি আমাৰ অস্তিত্বৰ বিনিময়ত হ’ব নালাগে’, ‘ন’ এছ টি ন’ ৰেষ্ট’, ‘নো কম্প্ৰমাইজ অন এছ টি ষ্টেটাছ ফৰ মেইটিছ, এয়া আমাৰ অস্তিত্বৰ বাবে’ আদি বাৰ্তা থকা প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

লগতে পঢ়ক: মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে নাবালিকা কন্যাক ‘নিৰ্যাতনৰ’ অভিযোগ

Apply Now

তেওঁলোকে ‘শৰণাৰ্থী, উভতি যাওক’ শ্লোগান উত্থাপন কৰি মণিপুৰৰ সংঘৰ্ষৰ আঁৰৰ দোষীক চিনাক্ত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

এক বিবৃতিত মণিপুৰৰ কেইবাটাও নাগৰিক সমাজৰ সন্মিলিত সংগঠনৰ সমন্বয় সমিতিখনে চুবুৰীয়া ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়।

তেওঁলোকে বুধবাৰৰ পৰা মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত ১০০০ৰো অধিক ঘৰ জ্বলি যোৱাৰ লগতে বহু লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰে।

লগতে পঢ়ক: অগ্নিগৰ্ভ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ; হঠাতে কিয় জ্বলি উঠিল শান্ত হৈ থকা ৰাজ্যখন?

সমিতিয়ে “জাতিগত সংহাৰৰ বৰ্বৰ কাণ্ড” আৰু সাম্প্ৰদায়িক সংঘৰ্ষক গৰিহণা দিয়ে। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলৰ বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকল ৪০ শতাংশ আৰু বেছিভাগেই পাহাৰীয়া জিলাত বাস কৰে।

স্বাধীনতাৰ পিছৰে পৰা দশক দশক ধৰি পাহাৰৰ বাসিন্দাসকলে উপভোগ কৰি অহা অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা মেইটেইক প্ৰদানৰ বিৰুদ্ধে জনজাতীয় সংগঠনে কৰা বিক্ষোভৰ পিছতে এই সংঘৰ্ষৰ সৃষ্টি হয়।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত বুধবাৰে সদৌ জনজাতি ছাত্ৰ সন্থা মণিপুৰৰ উদ্যোগত আয়োজিত ‘জনজাতি সংহতি সমদল’ৰ সময়তে মেইটেইসকলে এছ টি মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

আৰক্ষীয়ে জনোৱা মতে, টৰবুঙত শোভাযাত্ৰাৰ সময়ত মেইটেই সম্প্ৰদায়ৰ লোকসকলক আক্ৰমণ কৰাৰ পিছতে উপত্যকাৰ জিলাসমূহত প্ৰতিশোধমূলক প্ৰতিক্ৰিয়াৰ অভিযোগ উত্থাপন হৈছে।

মণিপুৰৰ ইম্ফল উপত্যকা শান্তিপূৰ্ণ আছিল যদিও শুকুৰবাৰে উত্তেজনাপূৰ্ণ হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd