NORTHEAST NOW (Assamese)

চীনা মোবাইল হেণ্ডচেট কোম্পানী Oppoৰ নয়দাস্থিত কাৰখানাৰ কাম স্থগিত : ৩ হাজাৰ কৰ্মচাৰীক স্ক্ৰীণিং

May 18, 2020 4:22 pm · এন ই নাও নিউজ
Updated: May 18, 2020 4:28 pm

চীনৰ মোবাইল হেণ্ডচেট নিৰ্মাণ প্ৰতিষ্ঠান অপ’ৱে নয়দাৰ কাৰখানা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে।

শুকুবাৰে উত্তৰ প্ৰদেশ চৰকাৰে সকলোবোৰ প্ৰতিষ্ঠানকেই ৩০ শতাংশ কৰ্মচাৰীৰে কাম পুনৰ আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছিল।

ইয়াৰ পিছতে মোবাইল হেণ্ডচেট নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এই কথা ঘোষণা কৰিছে।

প্ৰতিষ্ঠানটোৱে কয় যে নয়দাস্থিত কাৰখানাৰ কৰ্মৰত ৩০০০ কৰ্মচাৰীৰ স্ক্ৰীণিং সম্পূৰ্ণ নোহোৱালৈকে কাৰখানাটো বন্ধ থাকিব।

যোৱা দেওবাৰে কাৰখানাটোত কৰ্মৰত ৩ হাজাৰ কৰ্মচাৰীৰ স্বাস্থ্য নমুনা সংগ্ৰহ কৰা হৈছে।

উক্ত নমুনাসমূহ কোভিড১৯ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে প্ৰতিষ্ঠানটোৱে।

‘এটা সংস্থা হিচাপে সকলো কৰ্মচাৰী আৰু নাগৰিকক সুৰক্ষিত ৰখাৰ আমাৰ প্ৰাথমিক দায়িত্ব, আমাৰ গ্ৰেটাৰ নয়দাৰ নিৰ্মাণ কাৰখানাৰ সকলো ধৰণৰ কাম স্থগিত ৰাখিছো আৰু ৩ হাজাৰৰো অধিক আমাৰ কৰ্মচাৰীৰ কোভিড১৯ পৰীক্ষা কৰোৱাইছো। আমি এই পৰীক্ষাৰ ফলাফললৈ ৰৈ আছো।’ দেওবাৰে নিশা এক বিবৃতিত এইদৰে কয় প্ৰতিষ্ঠানটোৱে।

কৰ্মচাৰীসকলৰ কোভিড১৯ পৰীক্ষাৰ ফলাফল অহাৰ পিছতেই প্ৰতিষ্ঠানটোৱে নয়দাৰ কাৰখানাটোৰ কাম আৰম্ভ কৰিব।

প্ৰতিষ্ঠানটোৱে লগতে কয় যে কোভিড১৯ত নিগেটিভ পোৱা কৰ্মচাৰীসকলে সকলোধৰণৰ প্ৰটক’ল মানি চলি কাৰখানাৰ কৰ্মত যোগ দিব পাৰিব।

Related News