NORTHEAST NOW (Assamese)
অসম

‘ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্প’ক লৈ চৰকাৰৰ মিথ্যাচাৰৰ অভিযোগ বিৰোধী দলপতিৰ

September 27, 2018 5:03 pm
dredge-1024x688

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই আজি প্ৰকাশ কৰিছে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বহু হৈ চৈ কৰি ঘোষণা কৰা ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্পটো এতিয়া যেন মৃগতৃষ্ণাত পৰিণত হৈছে।

২৬ ছেপ্টেম্বৰত তেওঁ বিধানসভাৰ মজিয়াত প্ৰশ্ন এটাৰ প্ৰসংগ আনি শইকীয়াই কৈছে যে জল সম্পদ মন্ত্ৰী কেশব মহন্তৰ উত্তৰৰ পৰা অই কথা স্পষ্টকৈ জনা গৈছে যে প্ৰকল্পটোৰ সন্দৰ্ভত চৰকাৰৰ কোনো স্পষ্ট ইংগিত নাই।

এই সম্পৰ্কে জল আৰু শক্তি পৰামৰ্শ সেৱা লিমিটেড  (Water and Power Consultancy Service Ltd. চমুকৈ WAPCOS)  আৰু সংশ্লিষ্ট কেন্দ্ৰীয় চৰকাৰৰ বিভাগেহে অৱগত।

শইকীয়াই কৈছে যে ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটো বিজেপি চৰকাৰৰ মিথ্যাচাৰত বাদে আন একো নহয়, কাৰণ এই প্ৰকল্পটোক অসম চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটীখনে বানপানী আৰু খহনীয়া নিয়ন্ত্ৰণ কৰাৰ বাবে অবাস্তৱ বুলি ২০১৭ৰ ৯ ছেপ্টেম্বৰতেই ঘোষণা কৰিছিল।

তাৰোপৰি, বিশেষজ্ঞ কমিটায়ে আৰু উল্লেখ কৰিছিল যে খনন কৰা চেনেলসমূহ বৰ্তি নাথাকিব কিয়নো সেয়া পুনৰ মাটিৰে ভৰ্তি হৈ যাব। তাৰোপৰি, ক্ৰমে বাঢ়ি গৈ থকা শাখাযুক্ত নদীৰ গতিপথে এক্সপ্ৰেছ ঘাইপথটো খান্দি পেলাব।
বিৰোধী নেতাগৰাকীয়ে কৈছে যে ৰাজ্য চৰকাৰে প্ৰকল্পটোৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব লাগিব।

প্ৰথমতে, বিশেষজ্ঞ কমিটীৰ বিৰূপ প্ৰতিৱেদন সত্তেও চৰকাৰে কিয় প্ৰকল্পটো চৰকাৰীভাৱে ৰদ কৰা নাই

দ্বিতীয়তে, কোনটো কৰ্তৃপক্ষই প্ৰযুক্তি-অৰ্থনৈতিক সাধ্যতাৰৰ দিশটো অনুমোদন কৰিব?

তৃতীয়তে, জৰীপৰ আধাৰত প্ৰস্তুত ধাৰণাপত্ৰখন জল সম্পদ বিভাগে কোন কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছিল? চতুৰ্থতে, কেন্দ্ৰ চৰকাৰে প্ৰস্তুত কৰা গেদ ব্যৱস্থাপনাৰ ওপৰত খচৰা নীতিখনত ব্ৰহ্মপুত্ৰৰ খননক অনুমোদন জনোৱা হৈছে নেকি?

শইকীয়াই কৈছে যে এই প্ৰশ্নসমূহৰ উত্তৰে ব্ৰহ্মপুত্ৰ খননকাৰ্য আৰু এক্সপ্ৰেছ ঘাইপথ প্ৰকল্পটোৰ ভাগ্যক দিনৰ পোহৰৰ দৰে স্পষ্ট কৰি তুলিব।