NORTHEAST NOW (Assamese)

সমষ্টিত খোপনি নথকা নেতাই টিকট নোপোৱাৰ ক্ষোভত বিস্ফোৰক অভিযোগেৰে এৰিলে দল; কোন আৰু ক’ত?

March 24, 2021 2:24 pm · কল্পজ্যোতি শইকীয়া

আজি চান্দমাৰীস্থিত তীৰ্থনাথ শৰ্মা ভৱনত এক সংবাদমেল সম্বোধন কৰি পদত্যাগৰ কথা ঘোষণা কৰে কংগ্ৰেছ নেতা ৰঞ্জন বৰাই।

বৰা প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছিল। দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে বৰাই।

পূব গুৱাহাটী সমষ্টিৰ টিকটৰ অন্যতম দাবীদাৰ আছিল ৰঞ্জন বৰা। কিন্তু কংগ্ৰেছে টিকটটো কংগ্ৰেছ নেত্ৰী অসীমা বৰদলৈক প্ৰদান কৰাত ক্ষুণ্ণ হৈ পৰে বৰা।

তেওঁ সংবাদমেলত দাবী কৰা মতে “পূব গুৱাহাটী সমষ্টিৰ পৰা ২০০৬ চনৰ পৰা ২০১৬ চনলৈকে টিকট বিচাৰিছিল যদিও লাভ নকৰাৰ পিছতো প্ৰতিবাদ কৰা নাছিল।যদিও ৩৬ টা বছৰ অতি নিষ্ঠাৰে কংগ্ৰেছ কৰি আহিছিল ২০২১ৰ নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত কৰাত ভাগি পৰে।”

ইপিনে, টিকট ঘোষণা কৰাৰ আগদিনালৈকে ৰিপুন বৰাই তেওঁক টিকট লাভ কৰিব বুলি আশ্বাস দি আহিছিল যদিও AICCৰ চাৰি নেতৃত্বৰ ভুল নীতি বা সিদ্ধান্তৰ বাবেই তেওঁ টিকটৰ পৰা বঞ্চিত হ’ল বুলি সংবাদমেলত দাবী কৰে।

“মোৰ লগতে অসংখ্য দলীয় কৰ্মীক চুড়ান্তভাৱে হতাশ কৰি একনিষ্ঠতা, কৰ্তব্যবোধ আৰু কষ্টক আওকাণ কৰি বৃহৎ অংকৰ ধনৰ লেনদেনৰ বিনিময়ত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে বুলি জানিব পাৰিছো। এই ধনৰ লেনদেনত দুই এগৰাকী শীৰ্ষ নেতৃত্বক বাদ কৰি প্ৰায়সংখ্যক শীৰ্ষ নেতৃত্ব জড়িত আছে বুলি জানিব পাৰিছো।” AICCৰ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি ৰঞ্জন বৰাই এইদৰে কয়।

এনে দুৰ্নীতি আৰু বলিষ্ঠ নেতৃত্বৰ অভাৱ তথা নেতৃত্বৰ বাবে দলৰ ভিতৰ চ’ৰাত চলা খোৱা কামোৰাৰ বাবে তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বুলি বৰাই দাবী কৰে।

Related News