NORTHEAST NOW (Assamese)

কাজিৰঙাত আৰণ্যকৰ উদ্যোগত বতৰ, জলবায়ু আৰু জীৱন সম্পৰ্কত বিশেষ কৰ্মশালা

February 27, 2019 10:15 am · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

কাজিৰঙাৰ দক্ষিণ সীমাতে লাগি থকা কাৰ্বি আংলং জিলাৰ কঁহৰাত বতৰ, জলবায়ু আৰু জীৱন শীর্ষক এক কর্মশালা ২৬ ফেব্ৰুৱাৰিত অনুষ্ঠিত হয়। বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যক আৰু কঁহৰা চন্দ্র সিং ৰংপি মেম’ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত তথা অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগিতাত দিনজোৰা কাৰ্যসূচীৰে চন্দ্র সিং ৰংপি মেম’ৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ত এই বিশেষ কৰ্মশালা অনুষ্ঠিত হয়।

কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথে আঁত ধৰা কৰ্মশালাত চন্দ্র সিং ৰংপি মেম’ৰিয়য়েল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী দীপা গগৈয়ে আনুষ্ঠানিকভাৱে কৰ্মশালা খন উদ্বোধন কৰে। 

আৰণ্যকৰ পৰিৱেশ শিক্ষা আৰু সক্ষমতা বৃদ্ধি বিভাগৰ বিষয়া জয়ন্ত কুমাৰ পাঠকে উদ্দেশ্যে ব্যাখ্যা কৰা কৰ্মশালাত সমল ব্যক্তি জয়ন্ত কুমাৰ শৰ্মা, ৰিতুপর্ণা ভট্টাচার্য আৰু চালংজিয়ন তেৰণে সচিত্ৰৰ উপস্থাপনেৰে অতি সহজ ভাষাত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজিব পৰাকৈ বতৰ, জলবায়ু আৰু জীৱন সম্পর্কে বক্তব্য আগবঢ়ায়।

কৰ্মশালাত কাৰ্বি আংলং জিলাৰ ৰংতাৰা ইংলেপথাৰ, হেমাই লেকথে, জিলাঙচকে আদি কৰি কেইবাখনো গাঁৱৰ পুৰুষ- মহিলাৰ লগতে বহু সংখ্যক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছিল। কার্বি পাহাৰৰ পৰা নামি অহা কঁহৰা নদীৰ পৰিৱৰ্তন, বৰষুণৰ পৰিমাণ হ্রাস হোৱা, পাহাৰৰ ভবিষ্যৎ, জলবায়ু পৰিৱৰ্তন, অঞ্চলটিৰ ৰাইজ আৰু বিশেষকৈ পােহনীয়া জন্তুবােৰে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা আদিৰ বিষয়ে সমল ব্যক্তি সকলৰ সৈতে স্থানীয় ৰাইজে আলোচনা কৰে।

জলবায়ু পৰিৱৰ্তনৰ ফলত অঞ্চলটোৰ ৰাইজৰ কৃষি কর্মত দেখা দিয়া সমস্যা সন্দৰ্ভতো আলোচনা কৰা হয়। উল্লেখযোগ্য যে কাজিৰঙাৰ বনভােজস্থলী সমূহত পেলাই থৈ যোৱা খাদ্যৰ অৱশিষ্ট তথা প্লাষ্টিকে নদীৰ পানী প্ৰদূষিত কৰাটো কেনেকৈ প্রতিৰোধ কৰিব পাৰি সেই সম্পৰ্কেও কর্মশালাত আলােচনা কৰা হয়।

Related News