NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণ; শ্বিলঙত তিনিদিনৰ বাবে সম্পুৰ্ণ ল’কডাউন

July 24, 2020 7:13 pm · এন ই নাও নিউজ

মেঘালয়ত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে ২৬ জুলাই নিশাৰ পৰা ২৯ জুলাইৰ নিশালৈ তিনিদিনৰ বাবে ৰাজধানী শ্বিলঙত সম্পুৰ্ণ ল’কডাউন ঘোষণা কৰিছে।

শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি মেঘালয়ৰ উপ-মুখ্য মন্ত্ৰী প্ৰেছট’ন টাইচঙে এই কথা ঘোষণা কৰে।

”মেঘালয়ত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৰাজ্য চৰকাৰৰ বাবে এটা চিন্তনীয় বিষয় হৈ পৰিছে, স্থানীয় প্ৰশাসন আৰু জনসাধাৰণৰ বাবেও ই চিন্তনীয় বিষয়,” টাইচঙে কয়।

”আমি ক’ৰ’নাৰ সংক্ৰমণ সম্পৰ্কত বিষদভাৱে পৰ্যালোচনা কৰিছো, আমি কোনোধৰণৰ সামুহিক সংক্ৰমণ বিচৰা নাই যাৰবাবে পুনৰ ল’কডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়,” তেওঁ লগতে কয়।

উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে সম্পুৰ্ণ ল’কডাউন সমগ্ৰ শ্বিলঙত কাৰ্য্যকৰী হ’ব বুলি উল্লেখ কৰি পৰিস্থিতি পৰ্যালোচনা কৰি ল’কডাউন দীঘলীয়া হোৱাৰো ইংগিত দিয়ে।

মেঘালয়ৰ ভিতৰত পূব খাচী পাহাৰীয়া জিলাত সৰ্বাধিক সংখ্যক ৪১৯ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

Related News