NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত ওৰে নিশা ট্ৰাক চালকৰ ওপৰত বহিৰাগত ব্যৱসায়ীৰ আক্ৰমণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 6, 2019 5:31 pm

গুৱাহাটীত যোৱা শুকুৰবাৰে নিশা বহিৰাগত ব্যৱসায়ীয়ে এগৰাকী ট্ৰাক চালকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। আক্ৰমণৰ বলি হোৱা ট্ৰাক চালক গৰাকীৰ নাম ৰাজেশ চৌহান ওৰফে ভোলা।

ৰাজেশৰ ঘৰ মেঘালয়ৰ গাৰো পাহাৰত। গুৱাহাটী বশিষ্ঠৰ কামাখ্যা কাটাৰ ওচৰত এই ঘটনাটো সংঘটিত হয়। ৰাজেশে আৰক্ষীক জনোৱা অনুসৰি কালি নিশা তেওঁ চলোৱা ট্ৰাকৰ মালিকৰ নিৰ্দেশ মতে ট্ৰাকখনৰ মেনেজাৰ দুজনে তেওঁৰ ওপৰত আক্ৰমণ চলায়।

আক্ৰমণকাৰী দুজনক কিশোৰ কালিয়া আৰু ৰাকেশ চৌহান বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ৰাকেশ চৌহানৰ ঘৰ মহাৰাষ্ট্ৰত আৰু কিশোৰ কালিয়াৰ ঘৰ হাৰিয়ানাত বুলি আৰক্ষীয়ে জানিব দিয়ে।

আহত ট্ৰাক চালক গৰাকীৰ ভাষ্য অনুসৰি উক্ত লোক দুজনে তেওঁক অন্য চালকৰ কথা সুধি ওৰে নিশা কাঠৰ বাটাম আৰু বেলনাৰে প্ৰহাৰ কৰিছিল। আনকি কেৱল প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি তেওঁলোকে ৰাজেশক বিল্ডিঙৰ পৰা পেলাই দিব খোজিছিল যদিও কোনোমতে নিজৰ প্ৰাণ বচাই তেওঁ তাৰ পৰা পলাই বশিষ্ঠ আৰক্ষী থানাত উপস্থিত হয়।

আনহাতে আক্ৰমণকাৰী দুজনে তেওঁৰ পৰা ১৭ হাজাৰ টকা লুটি নিয়ে বুলিও ৰাজেশে বশিষ্ঠ আৰক্ষীক জানিবলৈ দিয়ে।সম্প্ৰতি বশিষ্ঠ আৰক্ষীয়ে আক্ৰমণকাৰী কিশোৰ কালিয়া আৰু ৰাকেশ চৌহানক আটক কৰি তদন্ত চলাই আছে।

উল্লেখযোগ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত গুৱাহাটীৰ এটা কয়লা ডিপ’ত এজন কয়লা কঢ়িওৱা অসমীয়া ট্ৰাক চালকক ভৰিত শিকলি বান্ধি ওৰে ৰাতি প্ৰহাৰ কৰা এক বৰ্বৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।