NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি|| ৪ ছেপ্তেম্বৰৰ পূৰ্বে আবেদন কৰক, ন্যূনতম অৰ্হতা মেট্ৰিক পাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2019 6:14 pm
Central Govt. job|| Apply before 4 September

সমগ্ৰ ভাৰতত খালী থকা ডাক বিভাগৰ ১০০৬৬টা পদৰ বাবে প্ৰতিষ্ঠানটোৱে আবেদন পত্ৰ আহ্বান কৰিছে।

পদসমূহ গ্ৰামীন ডাক সেৱকৰ। আবেদনৰ অন্তিম দিন অহা ৪ ছেপ্তেম্বৰ।

অসমকে ধৰি বিহাৰ, পঞ্জাৱ, গুজৰাট, কেৰালা আৰু কৰ্নাটক চক্ৰত এই পদসমূহ খালী আছে।

কেৱল অসমত মুঠ ৯১৯টা পদ খালী আছে।

আবেদনৰ বাবে ইংৰাজী আৰু অংক বিষয়সহ ন্যূনতম মেট্ৰিক পাছ হ’ব লাগে।

তাৰোপৰি প্ৰাৰ্থীসকলে ৰাজ্য চৰকাৰ-ঘোষিত স্থানীয় ভাষা অন্তত দশম শ্ৰেণীলৈকে বাধ্যতামূলক বা ঐচ্ছিকভাৱে পঢ়া হ’ব লাগিব।

লগতে, প্ৰাৰ্থীসকলে অন্ততঃ ৬০ দিনীয়া এটা কম্পিউটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ প্ৰমাণৰূপে কোনো প্ৰতিষ্ঠানে দিয়া বে’চিক কম্পিউটাৰ ট্ৰেইনিং প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

চাইকেল চলাব জনাটো সকলো প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক।

গাড়ী, মটৰ চাইকেল, স্কুটাৰ আদি চলাব জনাটোক চাইকেল চলাব জনা বুলি ধৰা হ’ব।

বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ।

পোনপটীয়াকৈ আবেদন কৰিবলৈ আৰু দৰমহা, আন সা-সুবিধাৰ বিষয়ে সবিশেষ তথ্য জানিবলৈ ইয়াত ক্লিক কৰক।