NORTHEAST NOW (Assamese)

লকডাউনত এক কোটিতকৈও অধিক প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যলৈ ঘূৰি আহে : কেন্দ্র চৰকাৰ

February 11, 2021 9:31 am · এন ই নাও নিউজ
Updated: February 11, 2021 10:58 am

দেশজুৰি বলৱৎ হোৱা কভিড-১৯ লকডাউনৰ সময়েছাৱাত ১.১৪ কোটিতকৈও অধিক প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যলৈ উভটি আহিছিল, ৰাজ্যসভাত বুধবাৰে তামিলনাডুৰ সাংসদ টিৰুচি শ্বিভাই এই সংক্ৰান্তত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ হিচাপে শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰে এই তথ্য সদৰী কৰে।

গাংৱাৰে জনায় যে শ্ৰমিকসকলে ইতিমধ্যে নিজ ৰাজ্যলৈ উভটি গৈ বিভিন্নধৰণৰ জীৱিকাত নিজকে নিয়োজিত কৰিছে।

সদৰী কৰা তথ্য অনুসৰি কৰ্মক্ষেত্ৰৰ পৰা উভটি অহা সৰহসংখ্যক প্ৰব্ৰজিত শ্ৰমিক উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ৰাজস্থানৰ।

লকডাউনৰ সময়ছোৱাত শ্ৰমিকৰ মৃত্যুৰ তথ্যৰ ক্ষেত্ৰত শ্ৰম মন্ত্ৰীজনে কয় যে চৰকাৰৰ হাতত ইয়াৰ কোনো তথ্য মজুত নাই। শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী আৰু কংগ্ৰেছৰ সাংসদ ফুলো দেৱী নেতামৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে জনায় যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ৰেল লাইনত আঠ মে’ত মৃত্যু ঘটা ১৭জন শ্ৰমিকৰ বাদে আন কোনো শ্ৰমিকৰ মৃত্যুৰ তথ্য ৰাজ্যসমূহৰ পৰা লাভ কৰা নাই।

ইয়াৰ উপৰিও মন্ত্ৰীজনে জনায় যে লকডাউনৰ সময়ছোৱাত ৪,৬১১খনৰো অধিক শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে ৬৩.০৭ লাখ শ্ৰমিকে বহিঃৰাজ্যৰ পৰা নিজৰ ৰাজ্যলৈ উভটি আহে।

Related News