NORTHEAST NOW (Assamese)

সমগ্ৰ বিশ্বত কোভিড-১৯ সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি অতিক্ৰম; মৃত্যুৰ সংখ্যা ৫ লাখ অতিক্ৰম

June 29, 2020 4:42 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

সমগ্ৰ বিশ্বত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই দেওবাৰে এক কোটিৰ সীমা অতিক্ৰম কৰিছে।

কোভিড-১৯ৰ সংক্ৰমণৰ ফলত এতিয়ালৈ বিশ্বৰ বিভিন্ন দেশত পাঁচ লাখতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে।

বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে, বিশ্বত শেহতীয়াভাৱে মাত্ৰ ছয় দিনৰ ভিতৰতে নতুনকৈ ১০ লাখ লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে।

সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়ালৈ ২৫,৪৮,৯৯৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,২৫,৮০৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে বৰ্তমানলৈ ব্ৰাজিল সৰ্বাধিক কোভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ব্ৰাজিলত এতিয়ালৈ ১৩,৪৪,৪১৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

আনহাতে, ভাৰতে কোভিড-১৯ৰ সংক্ৰমণৰ সংখ্যাৰ ফালৰ পৰা চতুৰ্থ স্থানত আছে।

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে উল্লেখ কৰা অনুসৰি সোমবাৰে ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫,৪৮,৩১৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ভাৰতত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ১৬,৪৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মুঠ ৩,২১,৭২২ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Related News