NORTHEAST NOW (Assamese)

তীব্ৰ গ্ৰীষ্মপ্ৰবাহ! মক্কাত ১০০০ৰো অধিক হজযাত্ৰীৰ মৃত্যু

June 20, 2024 7:54 pm · এন ই নাও নিউজ, গুৱাহাটী

এএফপিৰ বাতৰি অনুসৰি ছৌদি আৰৱৰ মক্কাত তীব্ৰ গ্ৰীষ্মপ্ৰবাহ অব্যাহত থকাৰ বাবে এই বছৰ হজৰ সময়ত ১০০০ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে। মক্কাত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ (১২০ ডিগ্ৰী ফাৰেনহাইট)লৈ বৃদ্ধি পোৱাৰ বাবেও হাজাৰ হাজাৰ লোকক হিটষ্ট্ৰ’কৰ চিকিৎসা কৰা হৈছে।

মৃত্যু হোৱা লোকৰ আধাতকৈও অধিক পঞ্জীয়নবিহীন হজযাত্ৰী। ইজিপ্তৰ পৰা অহা প্ৰায় ৬৫৮ গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে বুলি এজন আৰবৰ এজন কূটনীতিবিদে প্ৰকাশ কৰিছে। ইয়াৰে ৬৩০ জন পঞ্জীয়নবিহীন তীৰ্থযাত্ৰী।

সূত্ৰ অনুসৰি ৯০ জন লোকৰ মৃত্যু হৈছে ভাৰতৰ। জৰ্ডান, ইণ্ডোনেছিয়া, ইৰাণ, চেনেগাল, টিউনিছিয়াৰো হজযাত্ৰীৰ মৃত্যু হৈছে।

কেইবাজনো তীৰ্থযাত্ৰীও নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে, ফেচবুক আৰু অন্যান্য ছ’চিয়েল মিডিয়া নেটৱৰ্কত নিৰুদ্দেশ হোৱা লোকসকলৰ ছবি আৰু তথ্যৰ বাবে অনুৰোধ কৰা হৈছে।

ছৌদি চৰকাৰৰ তথ্য অনুসৰি এইবাৰৰ হজত ১৮ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে, যিটো বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ।

সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে হজ বিষয়াসকলে তীৰ্থযাত্ৰীসকলক ছাতি লৈ যাবলৈ আৰু হাইড্ৰেটেড হৈ থাকিবলৈ কয়। চিএনএনৰ বাতৰি অনুসৰি ছৌদি সেনাই হিটষ্ট্ৰ’কৰ বলি হোৱা লোকৰ যত্ন ল’বলৈ চিকিৎসা ইউনিটৰ সৈতে ১৬০০ৰো অধিক জোৱান আৰু ৩০টা ৰেপিড ৰেচপন্স টিম নিয়োগ কৰিছে। আন ৫ হাজাৰ স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসা স্বেচ্ছাসেৱককো নিয়োজিত কৰা হৈছে।

যোৱা বছৰ মাত্ৰ ২৪০ জন তীৰ্থযাত্ৰীৰ মৃত্যুৰ বাতৰি পোৱা গৈছিল, ইয়াৰে অধিকাংশই ইণ্ডোনেছিয়ান।সোমবাৰে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মক্কাৰ গ্ৰেণ্ড মছজিদত সৰ্বোচ্চ তাপমাত্ৰা ৫১.৮ ডিগ্ৰী চেলছিয়াছ বুলি প্ৰকাশ কৰে। অধ্যয়নত দেখা গৈছে যে এই অঞ্চলৰ তাপমাত্ৰা প্ৰতি দশকত ০.৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে।

Related News