NORTHEAST NOW (Assamese)

বিকশিত অসমৰ নমুনা! ধেমাজিত বাঁহৰ দলং ভাঙি আহত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী

October 26, 2023 8:30 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: October 26, 2023 7:13 pm

হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিকশিত অসমৰ শ্লোগানত চূণ সানিলে এখন বাঁহৰ দলঙে। আজি বৃহস্পতিবাৰে অসমৰ ধেমাজি জিলাৰ এখন নদীৰ ওপৰত থকা বাঁহৰ দলং ভাঙি যোৱাত ২০ জনৰো অধিক বিদ্যালয়লৈ গৈ থকা ছাত্ৰ-ছাত্ৰী আহত হয়।

বৃহস্পতিবাৰে পুৱা অসমৰ ধেমাজি জিলাৰ চাহবাৰী অঞ্চলত এই ঘটনা সংঘটিত হয়।

ঘটনাৰ বিৱৰণীৰ মতে, বাঁহৰ দলঙখন ওপৰেৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ বুলি গৈ থকা অৱস্থাতে বাঁহৰ দলংখন ভাঙি পৰে।

দলঙখন ভাঙি পৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে সেই স্থানত উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰে।

আহত ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত কমেও পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব কৰা গৈছে।

আহত ছাত্ৰ-ছাত্ৰীসকল অসমৰ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News