NORTHEAST NOW (Assamese)
Popular Stories

ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণ : অতি কমেও ২১ গৰাকী নিৰাপত্তাৰক্ষী জোৱান নিখোজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2021 11:01 am
index.jpg

শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰ আৰু চুকমা জিলাৰ সীমান্তৰ মাওবাদী অধ্যুষিত পাহাৰীয়া অৰণ্যাঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নিৰাপত্তা বাহিনীৰ ওপৰত মাওবাদীয়ে চলোৱা ভয়ংকৰ আক্ৰমণৰ পিছত কমেও ২১ গৰাকী নিৰাপত্তাৰক্ষী জোৱান সন্ধানহীন হৈ আছে।

উল্লেখ্য যে মাওবাদীয়ে অতৰ্কিতে চলোৱা এই আক্ৰমণত অসমৰ বাবলু ৰাভাসহ পাঁচ গৰাকী জোৱান ছহিদ হৈছে।

আক্ৰমণটোত অতি কমেও ৩০ গৰাকী অৰ্ধ সামৰিক বাহিনীৰ ২১০ কোব্ৰা বেটেলিয়নৰ আৰু টাস্ক ফ’ৰ্ছৰ জোৱান আহত হৈছে।

আহত ২৩ গৰাকী জোৱানক বিজাপুৰ আৰু ৭ গৰাকী ৰায়পুৰ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে জনাইছে বিভাগীয় সূত্ৰই।

সূত্ৰটোৰ মতে মাওবাদীৰ আক্ৰমণৰ পিছতে ২০০০ নিৰাপত্তাৰক্ষী জোৱানে সমগ্ৰ এলেকাটোত মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

ইতিমধ্যে নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ১২ গৰাকী মাওবাদী নিহত হোৱা বুলি প্ৰকাশ কৰিছে বিভাগীয় সূত্ৰই।

ইফালে দেওবাৰে নিৰুদ্দিষ্ট জোৱানসকলক সন্ধানতো অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীৰ জোৱানসকলে। অৱশ্যে বৰ্তমানলৈকে নিখোজ হোৱা জোৱানৰ সন্ধান লাভ কৰাৰ খবৰ অহা নাই।