NORTHEAST NOW (Assamese)

১৭ বছৰৰ অভিলেখ ভংগ: আঠ মাহতে পাকিস্তানে উলংঘা কৰিছে ৩,১৮৬ বাৰ যুদ্ধ বিৰতি

September 19, 2020 7:48 pm · এন ই নাও নিউজ
Updated: September 19, 2020 7:51 pm

চীনৰ সৈতে ভাৰতৰ অহি-নকুল সম্পৰ্ক বিৰাজ কৰি থকাৰ সময়তে পাকিস্তানেও হেঁচা মাৰি ধৰিছে ভাৰতক।

বিগত ১৭ বছৰৰ অভিলেখ ভংগ কৰি পাকিস্তানে মাত্ৰ  ৮ টা মাহতে ২০০৩ চনৰ যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি ভাৰতৰ বিৰুদ্ধে ৩,১৮৬ বাৰ গোলা বৰ্ষণ কৰিছে।

আজি ৰাজ্যসভাৰ মজিয়াত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় ৰাজ্যিক  প্ৰতিৰক্ষা দপ্তৰৰ মন্ত্ৰী শ্ৰীপদ নায়কে।

মন্ত্ৰী গৰাকীয়ে কয় যে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৭ ছেপ্তেম্বৰ পৰ্যন্ত পাকিস্তানৰ সেনা ভাৰতৰ বিৰুদ্ধে এনেদৰে তিনি হাজাৰ বাৰৰো অধিক বাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে।

২০১৯ বৰ্ষত  পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ বিৰতি উলংঘা কৰাৰ ঘটনা আছিল প্ৰায় ২০০০ বাৰ।

তাৰ তুলনাত চলিত বৰ্ষত ভাৰতৰ বিৰুদ্ধে পাকিস্তান অধিক জিঘাংসু হৈ উঠিছে।

মন্ত্ৰী গৰাকীয়ে লগতে প্ৰকাশ কৰে যে  জানুৱাৰী মাহৰ পৰা আগষ্ট মাহৰ ভিতৰতে কেৱল জম্মুতেই পাক সেনাই ২৪২ বাৰ গুলীবৰ্ষণ কৰিছে।

চলিত বৰ্ষত পাক সেনাৰ আক্ৰমণত ৮ জন ভাৰতীয় সেনা শ্বহীদ হৈছে আৰু আহত হৈছে দুজন সেনা।

পাক সেনাৰ গুলীত বহু কেইজন অসামৰিক লোকৰো মৃত্যু ঘটিছে।

ধ্বংস হৈছে সীমান্তৰ গাঁৱত থকা বহু অসামৰিক লোকৰ বাসভৱন।

Related News