NORTHEAST NOW (Assamese)

ভাইৰাছৰ ঘৰ চীন: ক’ৰ’ণাৰ পিছত এইবাৰ নতুন ভাইৰাছৰ সংক্ৰমণ, কি এই ভাইৰাছ?

November 28, 2020 3:03 pm · এন ই নাও নিউজ
Updated: November 28, 2020 3:04 pm

ভাইৰাছৰ অভিকেন্দ্ৰেত পৰিণত হৈছে চীন। সমগ্ৰ বিশ্বতে কোটি কোটি লোকক আক্ৰান্ত কৰা ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণ ঘটা চীনত এইবাৰ সংক্ৰমণ আৰম্ভ হৈছে নতুন এবিধ ভাইৰাছৰ।

এই ভাইৰাছ বিধে চীনৰ বহু কণ কণ শিশুক আক্ৰান্ত কৰিছে যদিও ডাঙৰ সকলো  এই ভাইৰাছ বিধত আক্ৰান্ত হোৱাৰ পূৰ্ণ আশংকা আছে বুলি চীনৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

চীনত নতুনকৈ সংক্ৰমণআৰম্ভ হোৱা ভাইৰাছ বিধৰ নাম নোৰো।

এই ভাইৰাছত আক্ৰান্ত হ’লে লোক এজনে বমি কৰিবলৈ ধৰে আৰু এটা সময়ত লোকজন লেবেজান হৈ পৰে।

সঠিক সময়ত চিকিৎসা সেৱা লাভ নকৰিলে এই ভাইৰাছত আক্ৰান্ত লোক এজনৰ মৃত্যু ঘটাটো নিশ্চিত।

চীনৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত ছিচুৱান প্ৰদেশৰ জিগং নামৰ চহৰ খনৰ কেইহবা খনো বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।

ছিচুৱান প্ৰদেশৰ উপৰি ছানজি আৰু লায়নিং প্ৰদেশৰো বহু ছাত্ৰ-ছাত্ৰী এই ভাইৰাছত আক্ৰান্ত হৈছে।

দেশ খনৰ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে ক’ৰ’ণাতকৈয়ো নোৰো ভাইৰাছ অধিক সংক্ৰমণশীল আৰু ভয়াৱহ।

কাৰণ ৰোগীয়ে বমি কৰাৰ পিছত সেই বমিৰ পৰাই বহুতৰে শৰীৰলৈ এই ভাইৰাছ বিয়পি পৰিব পাৰে।

২০১৯ চনতে চীনে নোৰো ভাইৰাছৰ ভেকচিনৰ পৰীক্ষণৰ অনুমতি দিছিল যদিও এতিয়ালৈকে বজাৰলৈ অহা নাই ভেকচিন।

Related News