NORTHEAST NOW (Assamese)

Covid-19 Update: দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ ৫৮ হাজাৰ অতিক্ৰম; অ’মিক্ৰণত আক্ৰান্ত প্ৰায় ২১০০ লোক

January 5, 2022 11:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 5, 2022 11:36 am

নৱবৰ্ষৰ আৰম্ভণিতে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে পুনৰ ভয়ংকৰ ৰূপ লোৱাৰ দিশে আগবাঢ়িছে। মাত্ৰ এসপ্তাহৰ ভিতৰতে ৭হাজাৰৰ পৰা ৫৮ হাজাৰলৈ বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা।

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৫৮ হাজাৰ ৯৭ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৭ হাজাৰ ৩৭৯ জন লোক।

দেশত এই মুহূৰ্তত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ২,১৩৫ জন।ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত এই ভেৰিয়েন্টত আক্ৰান্ত হৈছে ২৪৩ জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৫৩৪ জন লোকৰ মৃত্যু হৈছে। দেশত পজিটিভিটিৰ হাৰ হৈছেগৈ ৪.১৮ শতাংশ।

দেশত এতিয়ালৈ কৰ’নাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮২হাজাৰ ৫৫১ জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১৫ হাজাৰ ৩৮৯ জন লোক।

দেশত এতিয়ালৈ কৰ’না পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪৩ লাখ ২১ হাজাৰ ৮০৩ জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ২ লাখ ১৪ হাজাৰ ৪ জন।

স্মৰ্তব্য যে সোমবাৰৰ পৰা সমগ্ৰ দেশতে ১৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুসকলক ভেকচিন দিয়া অভিযান আৰম্ভ কৰা হৈছে।

ইতিমধ্যে ১৬ লাখতকৈ অধিক ১৫-১৮ বছৰৰ শিশুক ভেকচিন প্ৰদান কৰা হৈছে। দেশত বৰ্তমানলৈকে ১৪৬কোটিতকৈ অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।

Related News