NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰীৰ হাতত উচ্চতম ন্যায়ালয়ৰ ক্ষমতা! প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2023 12:25 pm

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ৰাজনৈতিক জীৱনত বহুবাৰ সংকটৰ সন্মুখীন হৈছে। কিন্তু প্ৰতিবাৰেই তেওঁ নিজৰ স্বকীয় স্থানলৈ ঘূৰি আহিছে। কিন্তু এইবাৰ তেওঁ এনে এটা পৰিস্থিতিৰ সন্মুখীন হৈছে যাৰ পৰা সকাহ পোৱাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।

সমগ্ৰ ইজৰাইলতে নেতানিয়াহুৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। দেখা গৈছে যে প্ৰতিবাদ ২০ সপ্তাহ পাৰ হৈছে। কিন্তু তথাপিও আন্দোলনটো শান্ত হোৱা নাই, বৰঞ্চ দিনক দিনে বৃদ্ধিহে পাইছে। শনিবাৰে সমগ্ৰ দেশতে লাখ লাখ লোক ৰাজপথলৈ ওলাই অহা দেখা গৈছে।

লগতে পঢ়ক: অসহায় প্ৰাক্তন প্ৰধানমন্ত্ৰী; আমেৰিকাৰ সাংসদৰ সৈতে ইমৰাণ খানৰ অডিঅ’ ক্লিপ ফাদিল!

বৰ্তমান সমগ্ৰ ইজৰাইলতে নেতানিয়াহুৰ বিৰুদ্ধে গণ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে। প্ৰকৃততে ক্ষোভৰ কাৰণ কি? অভিযোগ অনুসৰি দেশৰ আইনী ব্যৱস্থা সংস্কাৰৰ নামত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাক ইমানেই ভেঙুচালি কৰা হৈছে যে ইজৰাইলৰ গণতন্ত্ৰ ধ্বংসৰ পথত।

যোৱা জানুৱাৰী মাহৰ পৰা টেল আভিভৰ ৰাজপথত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। এইবাৰ তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ। তাৰেই প্ৰতিফলনৰ ছবিখন শনিবাৰে দেখা গৈছে।

নীলা-বগা পতাকাৰে নেদেখা হৈ পৰিছে ইজৰাইলৰ বহু পথ। এই পতাকা এই মুহূৰ্তত প্ৰতিবাদৰ প্ৰতীক। প্ৰতিবাদকাৰীসকলে ‘ইজৰাইলত একনায়কত্ববাদ চলি আছে’ বুলি ধ্বনি দিয়া দেখা গৈছে।

লগতে পঢ়ক: ডিব্ৰুগড়ত জঘণ্য কাণ্ড! চিকিৎসালয়ৰ কৰ্মচাৰীয়ে মথাউৰিত পেলাই দিলে নৱজাতকক

এগৰাকী প্ৰতিবাদকাৰী কয়,“আৰু কেইঘণ্টামানৰ ভিতৰতে যিকোনো মুহূৰ্ততে এই দেশখন গণতন্ত্ৰৰ পৰা সম্পূৰ্ণ একনায়কত্ববাদলৈ গতি কৰিব। ভাবিয়েই মই শংকিত হৈ পৰিছো।”