টীয়কৰ বলমাত পুঠী নদীত ভাগিল ৰিং বান্ধ,কেইবাখনো গাঁও প্লাৱিত, হাহাকাৰ পৰিস্থিতি
যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বলমাৰ পুঠী নদীত নিৰ্মিত ৰিং বান্ধ ভাঙি যোৱাৰ ফলত কেইবাখনো ৰাজহ গাঁৱৰ লগতে কৃষিভূমি প্লাৱিত হৈ পৰে।
গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি ৰিং বান্ধৰ তলেদি পানী যোৱাৰ বাবে খান্দি দিয়াৰ ফলত পানী সোমাই বান্ধটোৰ এটা অংশ পুঠী নদীয়ে ছিঙি পেলায়।
টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰন্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া, সভাপতি পাপু কলিতা, বলমা শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাস্কৰজ্যোতি গগৈ, সভাপতি তন্ময় লাহন, বিষয়ববীয়া বসন্ত লাহন, হীৰক চাংমাই সহিতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজি ৰিং বান্ধ ছিঙি যোৱা অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজ তথা পঞ্চায়ত প্ৰতিনিধিৰ সৈতে বিষয়টোৰ সম্পৰ্কত আলোচনা কৰে।
টীয়ক আছুৰ উপদেষ্টাদ্বয় ৰন্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া আৰু সভাপতি পাপু কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, প্ৰতি বছৰে পুঠী নদীৰ ৰিং বান্ধ ভাঙি বৃহত্তৰ বলমা অঞ্চলৰ ৰাইজক হাৰাশাস্তি কৰি আহিছে।
বহুবাৰ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা পুঠী নদীৰ ৰিং বান্ধ জলসম্পদ বিভাগৰ দ্বাৰা আঁচনি ৰূপায়ণ কৰি নিৰ্মাণ কৰিবলৈ দাবী জনাই থকা হৈছিল কিন্তু পঞ্চায়ত পুঁজিৰ দ্বাৰাহে প্ৰতিবছৰে এই ৰিং বান্ধ নিৰ্মান কৰে কিন্তু বাৰিষাৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে ৰিং বান্ধ ভাঙি পেলায়।
পুঠী নদীৰ ৰিং বান্ধ জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।
তাৰ লগতে এই ৰিং বান্ধ ভঙাৰ কাৰণ হিচাপে ৰাজহুৱা যি অভিযোগ উত্থাপিত হৈছে তাৰ ওপৰতো এক তদন্তৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।