NORTHEAST NOW (Assamese)

৪ জানুবাৰীৰ পৰা ব্ৰিটেইনত সাধাৰণ জনতাক দিয়া হ’ব ক’ৰ’ণাৰ ভেকচিন, ভাৰততো প্রথম সপ্তাহতে

December 30, 2020 2:05 pm · এন ই নাও নিউজ
Updated: December 30, 2020 3:51 pm

ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে বিপিদ ঘনীভূত কৰা ব্ৰিটেইনত অহা ৪ জানুৱাৰীৰ পৰা সাধঝাৰণ লোকৰ বাবে মুকলি কৰি দিয়া হ’ব অক্সফোৰ্ডে প্ৰস্তুত কৰি উলিওৱা কোভিডৰ ভেকচিন।

ব্ৰিট্ৰেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আজি এই কথা প্ৰকাশ কৰি কয় যে ব্ৰিট্ৰেইনৰ মেডিচিন এণ্ড হেলথ ৰেগুলেটৰী এজেন্সীয়ে এই ভেকচিন ব্যৱহাৰত অনমোদন জনাইছে।

ইপিনে ক’ৰ’ণা ভাইৰাছে পুনৰ নতুন ৰূপত মূৰ দাঙি উঠাৰ সময়তে ভাৰতবাসীৰ বাবেও আশাৰ বতৰা আহিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে ঘোষণা কৰা অনুসৰি অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীয়ে লাভ কৰিব এষ্ট্ৰাজেনেকা- অক্সফোৰ্ডৰ ভেকচিন।

ইতিমধ্যে স্বাস্থ্য দপ্তৰে বিচৰা সকলো তথ্য এই ভেকচিন প্ৰস্তুতৰ সৈতে জৰিত ছেৰাম ইনষ্টিটিউটে দাখিল কৰিছে।

ইয়াৰ পিছতেই কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে এই ভেকচিন অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেশবাসীৰ বাবে মুকলি কৰি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে বুলি স্বাস্থ্য দপ্তৰৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ কৰ্ম আঁচনি যুগুতাই উলিয়াইছে।

এদিনত কিমান জন লোকে একোটা ভেকচিন প্ৰদান কৰা কেন্দ্ৰত এই ভেকচিন গ্ৰহণ কৰিব পাৰিব তাৰো হিচাপ ধৰি দিছে চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাত এই বুলি কৈছে যে এদিনত একোটা কোভিড ভেকচিন প্ৰদান কৰা কেন্দ্ৰত সৰ্বাধিক ১০০ গৰাকী লোকে কোভিডৰ ভেকচিন গ্ৰহণ কৰিব পাৰিব।

অৱশ্যে যদি কোনো কেন্দ্ৰ পৰ্যাপ্ত সা-সুবিধা থাকে তেন্তে তেনে কেন্দ্ৰত ২০০ গৰাকী পৰ্যন্ত লোকে ভেকচিন ল’ব পাৰিব।

ভেকচিন প্ৰদানৰ বাবে বিভিন্ন অঞ্চলত কেন্দ্ৰ স্থাপন কৰা হ’ব।

সেই কেন্দ্ৰত কমেও তিনিটা কোঠা থাকিব লাগিব ।

সেই কোঠা বোৰ অপেক্ষাগৃহ,ভেকচিন প্ৰদান কৰা কক্ষ আৰু নিৰীক্ষণ কক্ষ হিচাবে ব্যৱহাৰ কৰা হ’ব।

কেন্দ্ৰই জাৰি কৰা ১১২ পৃষ্ঠাৰ নিৰ্দেশনাত কোৱা হৈছে যে ভেকচিন প্ৰদানকাৰী দলত ৫ গৰাকী লোক থাকিব।

Related News