NORTHEAST NOW (Assamese)

তিনিগৰাকী অসমীয়ালৈ পদ্ম সন্মান! দেশৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱালৈ পদ্মশ্ৰী

January 26, 2024 9:36 am · এন ই নাও নিউজ, গুৱাহাটী
ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে প্ৰসিদ্ধ অসমৰ পাৰ্বতী বৰুৱালৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান। ফটোঃ সংগ্ৰহীত।

গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বৃহস্পতিবাৰে ঘোষণা কৰিছে ২০২৪ বৰ্ষৰ পদ্ম বঁটাসমূহ। সেই অনুসৰি, দেশৰ মুঠ ১৩২ গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে এই বঁটাৰ বাবে অনুমোদন জনায়।

ইয়াৰে ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়।

অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিলৈ এইবাৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে প্ৰসিদ্ধ অসমৰ পাৰ্বতী বৰুৱালৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। সামাজিক কৰ্ম (জীৱ-জন্তু কল্যাণ)ৰ বাবে তেওঁলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে।

অসমৰ আন এগৰাকী ব্যক্তি সৰ্বেশ্বৰ বসুমতাৰীলৈও পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। সৰ্বেশ্বৰ বসুমতাৰী চিৰাঙৰ এগৰাকী আদৰ্শ কৃষক আৰু কৃষি ক্ষেত্রলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে।

সেইদৰে, অসমৰ চিপাঝাৰৰ লোকশিল্পী দ্ৰোণ ভূঞালৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

পদ্ম বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম। কলা, সামাজিক কাম, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, স্বাস্থ্যক্ষেত্ৰ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিৰ দৰে বিভিন্ন শাখাত আগবঢ়োৱা অৱদানৰ বাবে ক্ৰমে তিনিটা শাখাত পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী  বঁটা প্ৰদান কৰা হয়।

মুঠ পাঁচজন ব্যক্তিক এইবাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছে। চিৰঞ্জীৱী, ভেংকয়া নাইডু, তামিলনাডুৰ বৈজয়ন্তীমালা বালি, বিহাৰৰ সমাজ কৰ্মী বিন্দেশ্বৰ পাঠক (মৰণোত্তৰভাৱে)ৰ উপৰিও তামিলনাডুৰ পদ্ম সুব্ৰমনিয়মে এই সন্মান লাভ কৰিছে।

পদ্মভূষণ ১৭ গৰাকীক দিয়া হৈছে। এইটো কেন্দ্ৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই তালিকাৰ ভিতৰত আছে কেৰেলাৰ এম ফাতিমা বিভি (মৰণোত্তৰ), মহাৰাষ্ট্ৰৰ সাহিত্যিক সাংবাদিক হৰমুছজী এন কামা, কৰ্ণাটকৰ উদ্যোগপতি সীতাৰাম জিন্দল, মহাৰাষ্ট্ৰৰ চিকিৎসক অশ্বিনী বলচান্দ মেহতা, মহাৰাষ্ট্ৰৰ ৰাম নাইক, গুজৰাটৰ চিকিৎসক তেজস মধুসুদন পেটেল, কেৰালাৰ অলাঞ্চেৰী ৰাজাগোপাল, মহাৰাষ্ট্ৰৰ দত্তৰায় আম্বাছ মায়ালু ওৰফে ৰাজদুত। লাডাখৰ টোগদান ৰিনপোচে (মৰণোত্তৰ), মহাৰাষ্ট্ৰৰ প্যাৰেলাল শৰ্মা, বিহাৰৰ চন্দ্ৰশ্বৰ প্ৰসাদ ঠাকুৰ, তামিলনাডুৰ বিজয়কান্ত (মৰণোত্তৰ),পশ্চিমবংগৰ মিথুন চক্ৰৱৰ্তী, সত্যব্ৰত মুখাৰ্জী, উষা উত্থুপ আৰু মহাৰাষ্ট্ৰৰ কুন্দন ব্যাস।

এগৰাকী বিদেশীকো পদ্মভূষণেৰে সন্মানিত কৰা হৈছে। টাইৱানৰ বাসিন্দা ফক্সকনৰ চিইঅ’ ইয়ং লিউৱে এই সন্মান লাভ কৰিছে।

Related News