NORTHEAST NOW (Assamese)

আফগানিস্তানৰ বাগ্ৰাম বিমান ঘাটি আক্ৰমণ পাকিস্তানী বায়ুসেনাৰ, উপগ্ৰহৰ ছবিত আহিল ধ্বংসলীলা

March 3, 2026 2:36 pm · এন ই নাও নিউজ, গুৱাহাটী

আফগানিস্তান আৰু পাকিস্তানৰ মাজত চলি থকা যুদ্ধই এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা উপগ্ৰহৰ শেহতীয়া ছবিত দেখা গৈছে যে পাকিস্তানী বায়ুসেনাই আফগানিস্তানৰ অতি গুৰুত্বপূৰ্ণ বাগ্ৰাম এয়াৰ বেছত তীব্ৰ আক্ৰমণ চলাইছে। এই আক্ৰমণৰ ফলত তালিবান চৰকাৰৰ আটাইতকৈ শক্তিশালী সামৰিক ঘাটিটোৰ ব্যাপক ক্ষতিসাধন হৈছে। যদিও আফগান কৰ্তৃপক্ষই প্ৰথমতে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰিছিল, কিন্তু উপগ্ৰহৰ ছবিয়ে ঘাটিটোৰ ভিতৰত হোৱা ডাঙৰ বিস্ফোৰণ আৰু ভঙা অট্টালিকাৰ স্পষ্ট প্ৰমাণ দিছে।

দেওবাৰে পুৱা তোলা এই ফটোবোৰত দেখা গৈছে যে বাগ্ৰাম বিমান ঘাটিৰ উত্তৰ দিশত থকা এটা বিমান ৰখা হেংগাৰ আৰু দুটা ডাঙৰ গুদাম সম্পূৰ্ণৰূপে ধ্বংস হৈ মাটিত মিহলি হৈ গৈছে। এজন পাকিস্তানী সামৰিক বিষয়াই নাম প্ৰকাশ নকৰাকৈ স্বীকাৰ কৰিছে যে আফগানিস্তানৰ সামৰিক সঁজুলি আৰু যোগান ব্যৱস্থা ধ্বংস কৰাৰ লক্ষ্যৰে এই আক্ৰমণ চলোৱা হৈছিল। কাবুলৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত থকা বাগ্ৰাম চহৰৰ বাসিন্দাসকলে জনোৱা মতে, দেওবাৰে পুৱা ধাৰাবাহিক বিস্ফোৰণৰ শব্দত তেওঁলোকৰ টোপনি ভাঙিছিল আৰু তেওঁলোকে আকাশত যুদ্ধ বিমান উৰি থকা দেখিছিল।

আফগানিস্তানৰ পাৰৱান প্ৰদেশৰ বিষয়াসকলে জনাইছে যে পুৱা প্ৰায় ৫ বজাত পাকিস্তানী যুদ্ধ বিমানে আফগান আকাশমাৰ্গত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ মতে আফগান বাহিনীয়ে মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাৰে ইয়াৰ প্ৰত্যুত্তৰ দিছিল। আনহাতে পাকিস্তানে এই আক্ৰমণৰ কথা মুকলিকৈ স্বীকাৰ কৰা নাই যদিও আফগানিস্তানে অলপতে পাকিস্তানৰ নুৰ খান এয়াৰ বেছত ড্ৰন আক্ৰমণ চলোৱাৰ পাছতে পাকিস্তানে এই প্ৰতিশোধমূলক পদক্ষেপ গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে এসময়ত আমেৰিকাৰ সামৰিক শক্তিৰ প্ৰধান কেন্দ্ৰ হিচাপে থকা এই বাগ্ৰাম ঘাটিটো বৰ্তমান তালিবানৰ বাবে এক অত্যন্ত মৰ্যাদাপূৰ্ণ সম্পত্তি আছিল।

বৰ্তমান পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ এই যুদ্ধই পঞ্চম দিনত ভৰি দিছে। পাকিস্তানে ইতিমধ্যে তালিবান চৰকাৰৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিছে আৰু বিগত এসপ্তাহত আফগানিস্তানৰ বিভিন্ন সামৰিক ঘাটিত ৫০টাতকৈও অধিক বিমান আক্ৰমণ চলাইছে। পাকিস্তানৰ অভিযোগ যে তালিবানে তেওঁলোকৰ দেশত সন্ত্ৰাসবাদ বিয়পোৱা লোকসকলক আশ্ৰয় দিছে। দুই দেশৰ মাজত বৃদ্ধি পোৱা এই উত্তেজনা হ্ৰাস কৰিবলৈ ছৌদি আৰব আৰু কাটাৰৰ দৰে দেশসমূহে চেষ্টা কৰিছে যদিও এতিয়ালৈকে কোনো সমাধান ওলোৱা নাই।

Related News