NORTHEAST NOW (Assamese)

পাকিস্তানৰ মাজেৰে আফগানিস্তানলৈ ভাৰতৰ ঘেঁহু ৰপ্তানিত অনুমোদনৰ ইঙ্গিত পাকিস্তানৰ

November 13, 2021 8:27 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতে পাকিস্তানৰ মাজেৰে মানৱীয় দৃষ্টিকোণেৰে আফগানিস্তানলৈ ঘেঁহু ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰতীয় ট্ৰাক পৰিবহন বাবে তালিবান শাসনৰ অনুৰোধ পাকিস্তানে বিবেচনা কৰিব। এই কথা সদৰী কৰিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে।

ইমৰান খানে আফগানিস্তানৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ নেতৃত্বত এটা প্ৰতিনিধি দলৰ সৈতে আলোচনাৰ পাছত এই বিষয়ে ব্যক্ত কৰে। সংবাদ প্ৰতিষ্ঠান ‘ডন’- এ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বক্তব্যৰ উদ্ধৃতি দি এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

“বৰ্তমান পৰিপ্ৰেক্ষিতত পাকিস্তানে মানৱীয় উদ্দেশ্যৰ বাবে আৰু নিৰ্ধাৰণ কৰিবলগীয়া পদ্ধতি অনুসৰি পাকিস্তানৰ জৰিয়তে ভাৰতে আগবঢ়োৱা ঘেঁহু পৰিবহনৰ বাবে আফগানিস্তানৰ অনুৰোধক অনুকূলভাৱে বিবেচনা কৰিব।” পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে।

 

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে চুবুৰীয়া দেশখনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত আফগানিস্তান আৰু আফগান জনসাধাৰণক ইছলামাবাদৰ সমৰ্থন পুনৰ নিশ্চিত কৰিছে।

উল্লেখ্য যে ভাৰত চৰকাৰেও আফগানিস্তানলৈ ৫০,০০০ মেট্ৰিক টন ঘেঁহু কঢ়িওৱা ট্ৰাকৰ চলাচলৰ অনুমতি দিয়াৰ বাবে অক্টোবৰত পাকিস্তানলৈ এটা মৌখিক টোকা প্ৰেৰণ কৰিছিল।

তালিবান শাসিত বিত্তীয় সংকটে আফগানিস্তানক পঙ্গু কৰি তুলিছে। দেশখনত খাদ্যৰ অভাৱ আসন্ন বুলি ইতিমধ্যে নিশ্চিত হৈছে আৰু চীন, তুৰস্কৰ দৰে কিছুমান দেশে যোৱা মাহত আফগানিস্তানলৈ খাদ্য প্ৰেৰণ কৰিছিল।

আফগান জনসাধাৰণৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি ভাৰতেও আফগানিস্তানলৈ খাদ্য প্ৰেৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু ইমান বৃহৎ পৰিমাণৰ খাদ্য দ্ৰব্য বায়ু পৰিবহণৰ যোগেদি প্ৰেৰণ কৰা কঠিন বাবে ভাৰত স্থল পথ ব্যৱহাৰ কৰিব বিচাৰে আৰু সেই উদ্দেশ্যে স্থল পথ ব্যৱহাৰৰ অনুমতি বিচাৰি পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছিল বুলি এক সূত্ৰত প্ৰকাশ পাইছিল।

Related News