NORTHEAST NOW (Assamese)

২৬/১১ মুম্বাই আক্ৰমণত জড়িত ১১ সন্ত্ৰাসবাদী পাকিস্তানত আছে : স্বীকাৰ পাক চোৰাংচোৱাৰ

November 11, 2020 9:12 pm · এন ই নাও নিউজ
Updated: November 11, 2020 9:16 pm

অৱশেষত পাকিস্তানে স্বীকাৰ কৰিলে যে ২৬/১১ মুম্বাই আক্ৰমণত জড়িত ১১ সন্ত্ৰাসবাদী পাকিস্তানতে আছে।

দীৰ্ঘদিন ধৰি ভাৰতে দাবী কৰি অহা স্বত্বেও পাকিস্তানে এই কথা স্বীকাৰ কৰা নাছিল যদিও অৱশেষত বুধবাৰে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল পাকিস্তান।

বুধবাৰে পাকিস্তানৰ শীৰ্ষ চোৰাংচোৱা সংস্থা FIA এ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ এখন তালিকা প্ৰকাশ কৰিছে।

মুঠ ১২১০ গৰাকী সন্ত্ৰাসবাদীৰ নাম থকা এই তালিকাত ২৬/১১ মুম্বাই আক্ৰমণৰ ১১ গৰাকী সন্ত্ৰাসবাদী নামো সন্নিৱিষ্ট হৈছে।

উল্লেখ্য যে, পাকিস্তানে প্ৰকাশ কৰা এই সন্ত্ৰাসবাদীসকলৰ সন্ধান দিয়া লোকক আৰ্থিক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে পাকিস্তানৰ শীৰ্ষ চোৰাংচোৱা সংস্থাটোৱে।

ইফালে পাকিস্তানে ৮৮০ পৃষ্ঠা জোৰা ১২১০ গৰাকী ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ তালিকা প্ৰকাশ কৰাৰ কাৰ্যই আন্তজাৰ্তিক মহল বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।

Related News