NORTHEAST NOW (Assamese)

ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে সাজু কৰিছে ১৩০ টা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ : ভয় খুৱাইছে পাকিস্তানী মন্ত্ৰী হানিফ আব্বাছীৰ

April 27, 2025 11:46 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে সাজু কৰিছে ১৩০ টা পাৰমাণৱিক অস্ত্ৰ। ভাৰতৰ দিশেৰে টোৱাই থকা হৈছে এই অস্ত্ৰসমূহ। এই দাবী কৰি ভাৰতক হুংকাৰ দিছে পাকিস্তানী মন্ত্ৰী হানিফ আব্বাছীয়ে।

পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ জন পৰ্যটকক হত্যা কৰাৰ পিছত ভাৰতে যি ৭টা কূটনৈতিক প্ৰতিশোধ গ্ৰহণ কৰিছে তাৰ ভিতৰত এটা হল সিন্ধু জল চুক্তি স্থগিত ৰখা। সেই প্ৰেক্ষাপটতে পাকিস্তানে এনে ভাবুকি দিছে।

ভাৰতে পাকিস্তানক সিন্ধুৰ পানী নিদিলে পূৰ্ণাংগ যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ কৈছে হানিফ আাব্বাছীয়ে। লগতে তেওঁ ভাৰতক আক্ৰমণ কৰিবলৈ পাকিস্তানে ১৩০ টা পাৰমাণৱিক অস্ত্ৰ সাজু কৰি ৰখা বুলিও উল্লেখ কৰে। হানিফে কয় যে এই অস্ত্ৰসমূহ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰাৰ প্ৰয়োজন নাই। এইবোৰ গোপন তম্বুত ৰখা হৈছে আৰু যিকোনো সময়তে ই ভাৰতক আক্ৰমণ কৰিব পাৰে।

হানিফে কয়, “ভাৰতে যদি পানী যোগান বন্ধ কৰে, তেন্তে যুদ্ধৰ বাবে সাজু থাকক। আমাৰ হাতত থকা সামৰিক সঁজুলি আৰু ক্ষেপণাস্ত্ৰ ৰাজহুৱা কৰা নহয়। দেশৰ ক’ত আমাৰ পাৰমাণৱিক অস্ত্ৰ আছে কোনেও নাজানে। মই পুনৰ কওঁ, এই সকলোবোৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ।”

Related News