NORTHEAST NOW (Assamese)

কোহলীত কৈ পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে তুলনা কৰিলে মই বেছি গৌৰৱ অনুভৱ কৰিম : বাবৰ আজম

July 4, 2020 11:41 am · এন ই নাও নিউজ
বাবৰ আজম

পাকিস্তানৰ সীমিত অভাৰ ক্ৰিকেট দলৰ অধিনায়ক বাবাৰ আজমে এটা অনলাইন সাক্ষাতকাৰত তেওঁ বিৰাট কোহলীত কৈ অন্য পাকিস্তানী ক্ৰিকেটাৰ সকলৰ সৈতেহে তেওঁক তুলনা কৰিলে ভাল পাব বুলি মন্তব্য কৰে।

‘‘আমাৰ নিজৰ বহু তাৰকা ক্ৰিকেটা আছে যেনে জাভাদ মিঞাদাদ, য়ুনিছ খান, ইনজামামুল হক। যদিহে তুলনা কৰিব ইচ্ছা আছে মোক তেওঁলোকৰ সৈতে তুলনা কৰিলে মই বেছি গৌৰৱিত হম,’’ বাবৰ আজমে কয়।

পাকিস্তানী অধিনায়ক বাবৰ আজম বৰ্তমান সময়ত আই চি চি ৰেংকিঙৰ শীৰ্ষ স্থানপ্ৰাপ্ত বেটছমেন।

পাকিস্তানৰ বহু কেইগৰাকী ক্ৰিকেটাৰে বাবৰ আজমক বিৰাট কোহলীতকৈ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আখ্যা দিছে।

তেওঁলোকৰ মতে বাবৰ আজমে কোহলীৰ সমান ক্ৰিকেট খেলিলে কোহলীৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য যে, ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে একটা সময়ত টেষ্ট, এদিনীয়া আৰু টি-২০ ক্ৰিকেটৰ শীৰ্ষ স্থান অধিকাৰ কৰি আছিল।

Related News