ইমৰাণ খানক সমৰ্থনৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত গৃহীত প্ৰস্তাৱ
পাকিস্তানৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংসদে প্ৰস্তাৱ গৃহীত কৰিছে। সোমবাৰে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত হয়। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আটা বন্দিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ এখন বিশেষ সমিতি গঠনৰ প্ৰস্তাৱ ৰাষ্ট্ৰীয় সংসদত দাখিল কৰা হয়। উল্লেখ্য যে ইমৰাণ খানক জামিন দিয়াৰ পিছতে পাকিস্তান চৰকাৰৰ ৰোষত পৰিছে উচ্চতম ন্যায়ালয়।
সোমবাৰে পাকিস্তান পিপলছ পাৰ্টিৰ নেত্ৰী ছাজিয়া ছ’বিয়াই এই প্ৰস্তাৱ দাখিল কৰে। তাত মুখ্য ন্যায়াধীশগৰাকীয়ে আচৰণ বিধি ভংগ কৰা বুলি দাবী কৰা হৈছে। তদুপৰি তেওঁ ন্যায়াধীশ হিচাপে গ্ৰহণ কৰা শপত পালন কৰা নাই। সেইবাবেই মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সংসদীয় সমিতি গঠন কৰাটো প্ৰয়োজনীয়।
লগতে পঢ়ক: দু:সংবাদ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক মুখ্য ন্যায়াধীশে অন্যায়ভাৱে সমৰ্থন কৰা বুলি পাকিস্তান সংসদত অভিযোগ উত্থাপন হৈছে।
এই প্ৰস্তাৱৰ সমৰ্থনত পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফে সংসদত ভাষণ প্ৰদান কৰে। তেওঁৰ মতে, এনে পৰিস্থিতিত সংসদে সাংবিধানিক অধিকাৰ প্ৰয়োগ কৰা উচিত।
অৱশ্যে এই প্ৰস্তাৱ গৃহীত হ’লেও এতিয়াও গঠন হোৱা নাই সমিতিখন। এই প্ৰস্তাৱ গৃহীত কৰাৰ পিছত পাকিস্তানৰ নেত্ৰী মৰিয়াম নৱাজ শ্বৰীফে মুখ্য ন্যায়াধীশগৰাকীক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনায়। কাৰণ দেশৰ সংকটৰ আঁৰত আছে তেওঁৰ অন্যতম মূল ভূমিকা।
লগতে পঢ়ক: WhatsApp-ত নতুন ফিচাৰ ‘Chatlock’! কোনেও গম নাপাব গোপন বাৰ্তালাপ; কেনেকৈ ‘Enable’ কৰিব?
উল্লেখ্য যে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত সমগ্ৰ দেশতে তেওঁৰ সমৰ্থকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বিলোৱাল ভুট্টো জৰ্দাৰীয়ে পিটিআই কৰ্মীক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল। পাকিস্তান চৰকাৰে দাবী কৰিছে যে এই প্ৰতিবাদৰ বাবেই উচ্চতম ন্যায়ালয়ে ইমৰাণক মুকলি কৰি দিছিল।
ভূমি দুৰ্নীতিৰ অভিযোগত আদালত চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ইমৰাণ খানক। কিন্তু দুদিন পিছত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে এই গ্ৰেপ্তাৰ অবৈধ বুলি ৰায় দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শীঘ্ৰে মুকলি কৰি দিব লাগে।
লগতে পঢ়ক: স্বস্তি কংগ্ৰেছৰ! সিদ্দাৰামাইয়ালৈ ‘শুভকামনা’ জনাই শিৱকুমাৰে ক’লে, ‘ই বিদ্ৰোহী নহয়’
এই ৰায়দানৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকে ধৰি কেইবাজনো মন্ত্ৰীয়ে বন্দিয়ালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিবলৈ আৰম্ভ কৰে।