NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ ক’ভিড ৰোগীসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2021 3:29 pm
ভাৰতৰ ক’ভিড ৰোগীসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

ভাৰতৰ ক’ভিড পৰিস্থিতিক লৈ সহমৰ্মিতা প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

শনিবাৰে তেওঁ ভাৰতৰ ক’ভিড-১৯ ৰোগীসকলে শীঘ্ৰে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছে।

এটা টুইটযোগে প্ৰধানমন্ত্ৰীজনে কয় যে ক’ভিডৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ স’তে সকলো লগ হৈ মানৱীয় একতাৰে যুঁজ কৰা প্ৰয়োজন।

উল্লেখযোগ্য যে পাকিস্তানতো ক’ভিড-১৯য়ে ভয়াৱহ ৰূপ লৈছে।

দেশখনৰ বহুসংখ্যক চহৰত ক’ভিড পজিটিভ বৃদ্ধি হ’ব ধৰিছে।

সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয় যে যদিহে দেশখনৰ পৰিস্থিতি ভাৰতৰ দৰে একে হয়, তেন্তে দেশখনৰ চহৰসমূহ বন্ধ কৰি দিয়া হ’ব।

লকডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ দেশখনৰ নাগৰিকসকলক তেওঁ ক’ভিড-১৯ নীতি-নিৰ্দেশাৱলীসমূহ মানি চলিবলৈ অনুৰোধ কৰে।