NORTHEAST NOW (Assamese)
অসম

নৱগঠিত বড়ো সন্ত্ৰাসবাদী সংগঠন NLFB ত মোক্ষম আঘাত, জব্দ হ’ল বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী April 24, 2021 2:54 pm
Arms-1-750x375

বিটিআৰৰ ৰাজনৈতিক তথা সামাজিক দৃশ্যপটত শেহতীয়াকৈ মৃদু জোকাৰণিৰ সৃষ্টি কৰা নৱগঠিত সন্ত্ৰাসবাদী সংগঠন NLFB ত মোক্ষম আঘাত পৰিছে।

শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠনটোৰ এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে  নিৰাপত্তা বাহিনীয়ে।

যোৱা নিশা নিৰাপত্তা বাহিনীয়ে স্থানীয় আৰক্ষীৰ সহযোগত অভিযান চলাই গোঁসাইগাঁৱৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় উক্ত অস্ত্ৰ ভাণ্ডাৰ।

আৰক্ষীয়ে সন্দেহ কৰা মতে উক্ত অস্ত্ৰ ভণ্ডাৰ NLFB ৰেই হ’ব।

গোঁসাইগাঁৱৰ ৰিপু  সংৰক্ষিত বনাঞ্চলত এছএছবি আৰু অসম আৰক্ষীৰ এটা দলে যোৱা নিশা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলায়।

অভিযান কালতে উক্ত অস্ত্ৰ ভাণ্ডাৰৰ সন্ধান পোৱা যায়।

ৰিপু বনাঞ্চলৰ নবীন নগৰ নামৰ অঞ্চলটোত উদ্ধাৰ হোৱা অস্তৰ ভাণ্ডাৰত ৮৭ ডাল জিলেটিন ষ্টিক,২০০ টা ডিট’নেটৰ,২ টা দেশীয় ভাবে নিৰ্মাণ কৰা বন্দুক,৯ এমএম পিষ্টলৰ তিনিটা মেগজিন,এটা চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড,বৈদ্যুতিক তাঁৰ আদি আছে।