NORTHEAST NOW (Assamese)
অসম

ভাৰতে আৰু এখন যুদ্ধৰ প্ৰস্তুতি লৈছে, কৌশল ৰচিছে নেতাসকলে; চাঞ্চল্যকৰ দাবী পাকিস্তানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2026 10:09 am

ইৰাণ আৰু ইজৰাইল-আমেৰিকাৰ সংঘাতে সমগ্ৰ বিশ্বতে আতংক বিয়পাইছে। এপিনে আমেৰিকা আৰু ইজৰাইল, আনপিনে ইৰাণ। এই যুদ্ধ যে ইয়াতেই স্তব্ধ নহ’ব সেয়া স্পষ্ট হৈ পৰিছে। এপিনে ড’নাল্ড ট্ৰাম্পে ইৰাণক পোনপটীয়াকৈ সকীয়াই দিছে। দুৰ্বল হ’লেও ইৰাণেও স্পষ্টকৈ কৈছে যে যুঁজ অবিহনে তেওঁলোকে হাৰ নামানে।

আনহাতে, ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব নোৱাৰি ইৰানে খামেনেইৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ আমেৰিকাৰ বন্ধুত্বপূৰ্ণ দেশসমূহক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে। এই পৰিস্থিতিত বহুতে তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰিছে। এই পৰিৱেশত পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে এটা চাঞ্চল্যকৰ দাবী উত্থাপন কৰে।

ভাৰতে আন এখন যুদ্ধ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। সংসদত থিয় হৈ পাকিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এনে মন্তব্য কৰে। সোমবাৰে যুটীয়া অধিৱেশনত ভাষণ দি জৰ্দাৰীয়ে দাবী কৰে যে ভাৰতৰ শীৰ্ষ নেতাসকলে আন এখন যুদ্ধৰ বাবে প্ৰস্তুতি লৈছে।

জাৰ্দাৰীয়ে দাবী কৰে যে তেওঁ এজন শান্তিপ্ৰেমী! সেইবাবেই তেওঁ এই যুদ্ধক সমৰ্থন নকৰে। এই অভিযোগ উত্থাপন কৰি আছিফ আলী জৰ্দাৰীয়ে সোমবাৰে ভাৰতক যুদ্ধৰ বাবে প্ৰস্তুতি বন্ধ কৰি আলোচনাত বহিবলৈ আহ্বান জনায়। ভাৰতক বাৰ্তা দি তেওঁ লগতে কয় যে ইছলামবাদ আলোচনাৰ বাবে বহি আছে!

সংসদত থিয় হৈ ভাৰতক বাৰ্তা দিয়ে জাৰ্দাৰীয়ে। তেওঁ কয় যে ভাৰতলৈ তেওঁৰ বাৰ্তা যুদ্ধ নহয়, আলোচনাৰ মেজলৈ আহক। এইটোৱেই হৈছে আঞ্চলিক নিৰাপত্তাৰ একমাত্ৰ পথ। জৰ্দাৰী ইয়াতেই থমকি ৰোৱা নাই । সিন্ধু জল চুক্তি স্থগিত ৰখাৰ বাবে ভাৰতৰ বিৰুদ্ধেও বহু অভিযোগ উত্থাপন কৰে। ভাৰতৰ এই কূটনৈতিক সিদ্ধান্তকো সমালোচনা কৰে জাৰ্দাৰীয়ে।

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছিল। ইয়াৰ দ্বাৰা সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। অপাৰেচন সিন্দুৰৰ পিছতো সেই সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহ’ল। এই ভাৰতীয় সিদ্ধান্তক জৰ্দাৰীয়ে পোনপটীয়াকৈ জল সন্ত্ৰাসবাদ বুলি অভিহিত কৰে।

তেওঁ দাবী কৰে যে নতুন দিল্লীয়ে সিন্ধৰ জনসাধাৰণক ৰাজনৈতিক লাভালাভৰ আহিলা হিচাপে গঢ়ি তুলিছে। একে সময়তে জাৰ্দাৰীয়ে দাবী কৰে যে পাকিস্তানে জম্মু-কাশ্মীৰৰ জনসাধাৰণক কূটনৈতিক আৰু নৈতিক সহায় আগবঢ়াই যাব। কাশ্মীৰ সমস্যা সমাধান নোহোৱালৈকে দক্ষিণ এছিয়াত স্থায়ী শান্তি আধৰুৱা থাকিব বুলি জাৰ্দাৰীয়ে কয়।

কোনো দেশৰ নাম নোলোৱাকৈয়ে জাৰ্দাৰীয়ে সকীয়াই দি কয় যে, “মই স্পষ্টকৈ ক’ব বিচাৰো যে পাকিস্তানৰ মাটি পবিত্ৰ। আমি কোনো দেশী বা বিদেশী সত্তাক আমাৰ শান্তি বিঘ্নিত কৰিবলৈ আমাৰ চুবুৰীয়া ভূখণ্ড ব্যৱহাৰ কৰিবলৈ নিদিওঁ।”