NORTHEAST NOW (Assamese)

পাকিস্তানৰ সংসদত ওচামা বিন লাডেনক চহিদ বুলি ক’লে প্ৰধান মন্ত্ৰী ইমৰাণ খানে

June 25, 2020 8:20 pm · এন ই নাও নিউজ
Updated: June 25, 2020 8:23 pm
ইমৰাণ খান

বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী তথা অল-কায়দাৰ প্ৰতিষ্ঠাতা ওচামা বিন লাডেনক চহিদ বুলি উল্লেখ কৰে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে।

তালিবান আন্দোলনক সমৰ্থন কৰাৰ বাবে ‘তালিবান খান’ উপাধি লাভ কৰা ইমৰাণ খানৰ বৃহস্পতি বাৰৰ মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে।

প্ৰধান মন্ত্ৰী ইমৰাণ খানে ওচামা বিন লাডেনক পাকিস্তানৰ সংসদৰ মজিয়াত চহিদ বুলি কয়।

আমেৰিকাই পাকিস্তানৰ সীমাত প্ৰৱেশ কৰি ওচামা বিন লাডেনক হত্যা কৰাৰ এটা প্ৰসংগত ইমৰাণ খানে ওচামা বিন লাডেনৰ মৃত্যু নহয় চহিদ হোৱা বুলি উল্লেখ কৰে।

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে সংসদৰ মজিয়াত পাকিস্তানে আমেৰিকাৰ সন্ত্ৰাসবাদ বিৰোধী যুদ্ধত সহয় কৰিছিল কিন্তু এতিয়া আমেৰিকাই পাকিস্তান সম্পৰ্কত বেয়া মন্তব্য কৰে বুলিও লগতে কয়।

আনহাতে, আমেৰিকাৰ যুদ্ধৰ বাবেই পাকিস্তানৰ ৭০,০০০ কৈ অধিক লোকৰ মৃত্যু হৈছে বুলি ইমৰাণ খানে ভাষণ প্ৰসংগত কয়।

উল্লেখযোগ্য যে, ১৮ বছৰ পূৰ্বৰ আমেৰিকাত সংঘটিত হোৱা ৯?১১ ঘটনাত ওচামা বিন লাডেন জড়িত হৈ আছিল।

এই ঘটনাৰ পিছতে আমেৰিকাই সুদীৰ্ঘ দিন ধৰি অল-কায়দাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি পাকিস্তানত ওচমা-বিন লাডেনক হত্যা কৰিবলৈ সক্ষম হৈছিল।

Related News