NORTHEAST NOW (Assamese)

নৱাজ শ্বৰীফৰ ‘ৰাজনীতিলৈ প্ৰত্যৱৰ্তনৰ আশা’ত চেঁচা পানী ঢালিলে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে

August 12, 2023 10:32 am · এন ই নাও নিউজ, গুৱাহাটী
পাকিস্তানৰ দুই প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাতৃদ্বয় নৱাজ শ্বৰীফ আৰু শ্বাহবাজ শ্বৰীফ। ফটো: সংগ্ৰহীত।

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে  সদ্যহতে ভংগ হোৱা সংসদত গৃহীত কৰা ‘ৰিভিউ অফ জাজমেন্ট এণ্ড অৰ্ডাৰ’ আইনক অসাংবিধানিক বুলি ঘোষণা কৰিছে। শুকুৰবাৰে মুখ্য ন্যায়াধীশ ওমৰ আটা বন্দিয়ালৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই ৰায়দান কৰে।

যোৱা জুন মাহত দেশৰ সংসদে এই আইনখন গৃহীত কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল উচ্চতম ন্যায়ালয়ৰ দ্বাৰা যিসকল ৰাজনীতিকক আজীৱন ৰাজনীতিৰ পৰা নিষিদ্ধ কৰা হৈছে, তেওঁলোকে এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিব পাৰিব।

দৰাচলতে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক পুনৰ ৰাজনীতিত আনিবলৈ তেওঁৰ কনিষ্ঠ ভাতৃ শ্বাহবাজ শ্বৰীফৰ নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰে এই আইনখন গৃহীত কৰিছিল।

লগতে পঢ়ক: উচ্ছেদৰ বিৰুদ্ধে আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ; দিলে পুনৰ্সংস্থাপনৰ নিৰ্দেশ

কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ইয়াক ‘অসাংবিধানিক’ বুলি ৰায় দিয়ে। এই ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে নৱাজ শ্বৰীফৰ ৰাজনীতিত ঘূৰি অহাৰ পথো ৰুদ্ধ কৰিলে।

২০১৮ চনত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে নৱাজ শ্বৰীফক দুৰ্নীতিৰ অভিযোগত আজীৱন ৰাজনীতিৰ পৰা নিষিদ্ধ কৰিছিল। ইয়াৰ পূৰ্বৰ বছৰটোত তেওঁক প্ৰধানমন্ত্ৰী পদৰ বাবে অযোগ্য ঘোষণা কৰিছিল। ৰাজনীতিৰ পৰা নিষিদ্ধ হোৱাৰ পিছত নৱাজক ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। কিন্তু ২০১৯ চনত তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীলৈ চিকিৎসাৰ বাবে গৈ তালৈ পলায়ন কৰে।

তদুপৰি, পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতা জাহাংগীৰ তাৰীনকো সেই সময়ত আজীৱন নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

লগতে পঢ়ক: অভিনেত্ৰী জয়াপ্ৰদাক ছমাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ, বিহিলে জৰিমনাও; কিন্তু কিয়?

নতুন আইনখন গৃহীত হোৱাৰ পাছত ইমৰাণ খানৰ ৰাজনৈতিক দল পিটিআইকে ধৰি কেইবাজনো ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আবেদন জনায়। এই আবেদন সন্দৰ্ভত ছয়টা শুনানিৰ অন্তত ১৭ জুনত আদালতে এই সন্দৰ্ভত সিদ্ধান্তত উপনীত হোৱা বুলি কয় আৰু ৰায়দানৰ দিন নিৰ্ধাৰণ কৰে। শুকুৰবাৰে সেই বহু আকাংক্ষিত ৰায়দান কৰা হয়।

Related News