NORTHEAST NOW (Assamese)

শিমলা চুক্তি বাতিলৰ হুংকাৰ পাকিস্তানৰ! কি প্ৰভাৱ পৰিব চুক্তি বাতিল হ’লে?

April 26, 2025 5:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 26, 2025 6:08 pm

শেহতীয়া জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত  অবনতি ঘটিছে ভাৰত পাকিস্তান্ৰ মাজৰ সম্পৰ্কত। এই ঘটনাৰ পিছত ভাৰত চৰকাৰে সিন্ধু জলচুক্তি বাতিল কৰাৰ পাছত এইবাৰ পাকিস্তানে ১৯৭২ চনৰ শিমলা চুক্তি বাতিলৰ হুংকাৰ দিছে।

পাকিস্তানে দাবী কৰিছে যে ভাৰতৰ সন্ত্ৰাসবাদৰ উচটনি আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘনৰ বাবে এই পদক্ষেপ ল’ব পাৰে। উল্লেখ্য যে শিমলা চুক্তিৰ মূল লক্ষ্য আছিল ভাৰত-পাকিস্তানৰ মাজত শান্তি আৰু কূটনৈতিক সম্পৰ্ক উন্নত কৰা। ১৯৭১ চনৰ যুদ্ধৰ পিছত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৱে এই চুক্তিত স্বাক্ষৰ কৰিছিল। ইয়াত নিয়ন্ত্ৰণ ৰেখা (LoC)ত শান্তি বজাই ৰখা, সৈন্য প্ৰত্যাহাৰ আৰু পাৰস্পৰিক সম্পৰ্কৰ কথা উল্লেখ আছে। চুক্তি অনুসৰি, কাশ্মীৰৰ পৰিস্থিতিক সন্মান কৰি কোনো পক্ষই একপক্ষীয়ভাৱে নিয়ন্ত্ৰণ ৰেখা সলনি কৰিব নোৱাৰে।

এতিয়ে প্ৰশ্ন হৈছে যে যদি এই চুক্তি বাতিল হয় তেন্তে নিয়ন্ত্ৰণ ৰেখাৰ বৈধতাৰ ওপৰত প্ৰশ্ন উঠিব, যাৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সম্ভাৱনা অধিক তীব্ৰতৰ হৈ পৰিব। যিহেতু এই চুক্তিয়ে তৃতীয় পক্ষৰ হস্তক্ষেপ বন্ধ কৰিছিল, কিন্তু শিমলা চুক্তি বাতিলে কাশ্মীৰক আন্তঃৰাষ্ট্ৰীয় বিষয় কৰি তুলিব পাৰে।

বিশেষজ্ঞৰ মতে, এনে পৰিস্থিতিত ভাৰতৰ সুবিধা হ’ব পাৰে। শিমলা চুক্তিৰ বাধ্যবাধকতাৰ বাবে ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰ দখলৰ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়ে চুক্তি বাতিল হ’লে ভাৰতৰ সামৰিক কাৰ্যকলাপৰ পথ মুকলি হ’ব, আৰু চুক্তি ভংগৰ দায়িত্ব পাকিস্তানৰ ওপৰত পৰিব।

এই পদক্ষেপে কাশ্মীৰ বিষয়ত তৃতীয় শক্তিৰ হস্তক্ষেপৰ সম্ভাৱনা বৃদ্ধি কৰিব। পাকিস্তানৰ বাবে এই সিদ্ধান্ত বিপদজনক হ’ব পাৰে। কিয়নো পাকিস্তান ভাৰতৰ সামৰিক শক্তিৰ সন্মুখীন হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চাপৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰোপৰি এই চুক্তি বাতিলৰ ফলত আন এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব যে কাশ্মীৰ বিষয়টো আন্তৰ্জাতিক বিষয়ত পৰিণত হ’ব। গতিকে ভাৰত আৰু পাকিস্তানৰ বাহিৰে অন্য তৃতীয় শক্তিসমূহে কাশ্মীৰ বিষয়ত পোনপটীয়াকৈ হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব যিটো দুয়খন দেশৰ বাবে সুবিধাজনক নহ’ব।

Related News