NORTHEAST NOW (Assamese)

তুৰস্কৰ সহায়ত ভাৰতৰ বিৰুদ্ধে চাইবাৰ গোট গঠনৰ পৰিকল্পনা পাকিস্তানৰ

October 27, 2022 11:45 am · এন ই নাও নিউজ,গুৱাহাটী

অহৰহ ভাৰতক অস্থিৰ কৰি ৰাখিব বিচৰা পাকিস্তানে এইবাৰ এক নতুন নাটক ৰচনা কৰিছে।

সেইমৰ্মে তুৰস্কৰ সহায়ত পাকিস্তানেভাৰতৰ বিৰুদ্ধে চছিছে চাইবাৰ আক্ৰমণৰ পৰিকল্পনা। চাইবাৰ বিশেষজ্ঞই দাবী কৰিছে যে তুৰ্কীয়ে দক্ষিণ-পূব এছিয়াৰ মুছলমানসকলৰ সকলৰ সুৰক্ষাৰ বাবে ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে অভিযান চলাবলৈ পাকিস্তানক “চাইবাৰ সেনা” গঠন কৰাত সহায় কৰিছে।

প্ৰতিবেদন অনুসৰি যেতিয়া ইমৰান খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল, তেতিয়া তুৰ্কীৰ অভ্যন্তৰীণ মন্ত্ৰী চয়লুৰ তেওঁৰ চৰকাৰৰ সৈতে হোৱা আলোচনাত চাইবাৰ সহযোগিতাৰ বিষয়ত সিদ্ধান্ত লোৱা হৈছিল।

২০১৮ চনৰ ১৭ ডিচেম্বৰত পাকিস্তানৰ তদানীন্তন গৃহ ৰাজ্যিক মন্ত্ৰী শ্বেহৰিয়াৰ খান আফ্ৰিদিৰ সৈতে ছুলেইমানৰ আলোচনাৰ সময়ত ভাৰত আৰু আমেৰিকা বিৰোধী চাইবাৰ গোট গঠনৰ সিদ্ধান্ত লোৱা হয়।

Related News