NORTHEAST NOW (Assamese)

২০২২ চনত মহাকাশলৈ মহাকাশচাৰী পঠোৱাৰ পৰিকল্পনা পাকিস্তানৰ; চীনে কৰিব সহায়

September 16, 2019 7:08 pm · এন ই নাও নিউজ
চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ইমৰান খান

পাকিস্তানে ২০২২ চনৰ ভিতৰত চীনৰ সহায়ত মহাকাশলৈ দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী প্ৰেৰণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

দেওবাৰে পাকিস্তানী বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী চৌধুৰী ফাৱাড হুছেইনে ২০২০ চনৰ ভিতৰত মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া মহাকাশচাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি কয়।

প্ৰাৰম্ভিক পৰ্যায়ত মহাকাশ অভিযানৰ বাবে ৫০ গৰাকী মহাকাশচাৰীক নিৰ্বাচন কৰা হ’ব পৰৱৰ্তী সময়ত ইয়াৰ পৰা ২৫ গৰাকীক ২০২২ চনৰ মহাকাশ অভিযানলৈ নিৰ্বাচিত কৰা হ’ব আৰু ইয়াৰ মাজৰ পৰা মাত্ৰ এগৰাকীক মহাকাশলৈ পঠোৱা হ’ব বুলি কয় পাকিস্তানী মন্ত্ৰীগৰাকীয়ে।

পাকিস্তানী বায়ুসেনা বাহিনীয়ে মহাকাশচাৰী নিৰ্বাচন কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি এটা খবৰত প্ৰকাশ পাইছে।

এছিয়াৰ ভিতৰত চোভিয়েট মহাসংঘৰ পাছতে দ্বিতীয়খন দেশ হিচাপে পাকিস্তানে ১৯৬৩ চনতে মহাকাশলৈ ৰকেট প্ৰেৰণ কৰিছিল বুলিও ফাৱাডে উল্লেখ কৰে।

পাকিস্তান মহাকাশ বিজ্ঞান শিক্ষা কেন্দ্ৰই দেশখনৰ মহাকাশ বিজ্ঞানৰ অগ্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Related News