NORTHEAST NOW (Assamese)
Popular Stories

বলিউডৰ অনেক চিনেমাৰ অফাৰ প্ৰত্যাখ্যান কৰিছিল এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে, কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 3:48 pm
বলিউডৰ অনেক চিনেমাৰ অফাৰ প্ৰত্যাখ্যান কৰিছিল এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে, কিয়?

২০১৭ চনত ‘ৰয়চ’ (raees) নামৰ চিনেমাখনত শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল এগৰাকী পাকিস্তানী অভিনেত্ৰী মাহিৰা খানে।

কিন্তু চিনেমাখন মুক্তি লাভ কৰাৰ সময়তে দুয়োখন দেশৰ মাজত সম্পৰ্ক বিঘ্নিত হোৱাত প্ৰচাৰৰ বাবে অভিনেত্ৰীগৰাকী ভাৰতলৈ আহিব পৰা নাছিল।

দুয়োখন দেশৰ সম্পৰ্ক বেয়ালৈ ঢাল খোৱা বাবে ‘অল ইণ্ডিয়ান চিনে ৱৰ্কাৰ্ছ এছোছিয়েছন’ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যে পাকিস্তানৰ কোনো শিল্পীয়ে ভাৰতত কাম কৰিব নোৱাৰিব।

শেহতীয়াকৈ বলিউডৰ এক সংবাদ প্ৰতিষ্ঠানক মাহিৰা খানে জনোৱামতে, নিষেধাজ্ঞাৰ পাছতো বলিউডৰ একাধিক চিনেমাত সুযোগ লাভ কৰিছিল তেওঁ।

মনত ইচ্ছা থকাৰ সত্বেও তেওঁ ভয়তে চিনেমাসমূহৰ প্ৰস্তাৱ বাতিল কৰিছিল বুলি তেওঁ জনায়।

বৰ্তমান মাহিৰাই ‘জি ফাইভ’ৰ এটা চিৰিজত এংকৰ হিচাপে কাম কৰি আছে।

তেওঁ কয় যে এতিয়া আগৰ সেই ভয় নাই আৰু অনেক সাহস লাভ কৰিছে।

“এতিয়া মই অনেক সাহস অৰ্জন কৰিছো। সিদ্ধান্ত লৈছো, কেৱল ৰাজনৈতিক কাৰণত মোৰ ইচ্ছাসমূহক চেপি নাৰাখো।”- অভিনেত্ৰীগৰাকীয়ে কয়।