NORTHEAST NOW (Assamese)
দেশ

ভাৰতৰ সকীয়নি নেওচি পুনৰ পাকিস্তানৰ দুঃসাহস : এসপ্তাহত তিনিবাৰকৈ জম্মু-কাশ্মীৰ সীমান্তত ড্ৰোনৰ উৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2026 8:44 am
ভাৰতৰ সকীয়নি নেওচি পুনৰ পাকিস্তানৰ দুঃসাহস : এসপ্তাহত তিনিবাৰকৈ জম্মু-কাশ্মীৰ সীমান্তত ড্ৰোনৰ উৰণ

জম্মু-কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পুনৰ পাকিস্তানী ড্ৰোনৰ সন্দেহজনক চলাচল দেখিবলৈ পোৱা গৈছে। ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক কঠোৰ সকীয়নি দিয়াৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে এনেদৰে পুনৰ ড্ৰোণৰ চলাচল কৰা কাৰ্যই সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

যোৱা এসপ্তাহৰ ভিতৰত এয়া তৃতীয়টো এনেধৰণৰ ঘটনা য’ত সীমান্তৰ সিপাৰৰ পৰা ভাৰতীয় ভূখণ্ডত ড্ৰোন উৰি অহা পৰিলক্ষিত হৈছে। বিশেষকৈ সাম্বা জিলাৰ ৰামগড় ছেক্টৰৰ কেসো মহানসন গাঁৱৰ ওচৰত পাকিস্তানৰ দিশৰ পৰা এটা সন্দেহজনক ড্ৰোন সোমাই অহাৰ লগে লগে সীমান্তৰক্ষী বাহিনী আৰু সেনা সজাগ হৈ পৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই ড্ৰোন বিৰোধী অভিযান আৰম্ভ কৰে।

একেটা দিনৰে সন্ধিয়া প্ৰায় সাত বজাত পুঞ্চ জিলাৰ ডেগৱাৰ গাঁৱৰ আকাশত আন এটা ড্ৰোন সদৃশ বস্তু উৰি থকা দেখা যায়। প্ৰায় দহ মিনিট ধৰি ড্ৰোনটো উৰি থকাৰ সময়তে ভাৰতীয় সেনাই কেইবা জাঁয়ো গুলীবৰ্ষণ কৰে। বৰ্তমান সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে উচ্চ পৰ্যায়ৰ সতৰ্কতা অৱলম্বন কৰিছে আৰু পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।

সেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে এই ড্ৰোনবোৰ আকাৰত সৰু আৰু সম্ভৱতঃ ভাৰতীয় সেনাৰ গতিবিধিৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ লক্ষ্যৰেই পাকিস্তানৰ ফালৰ পৰা পঠোৱা হৈছে।

ইয়াৰ পূৰ্বে বাৰ্ষিক সংবাদমেলত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অতি স্পষ্ট ভাষাত কৈছিল যে ড্ৰোনৰ জৰিয়তে চলোৱা এনে কাৰ্যকলাপ ভাৰতে কোনো কাৰণতে গ্ৰহণ নকৰে। পাকিস্তানক এই সন্দৰ্ভত ইতিমধ্যে সতৰ্ক কৰি দিয়া হৈছে আৰু মঙলবাৰে অনুষ্ঠিত হোৱা সামৰিক সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠকত ভাৰতে এই বিষয়ে তীব্ৰ আপত্তি দৰ্শাইছে। পাকিস্তানে নিজৰ ড্ৰোনবোৰ নিয়ন্ত্ৰণত ৰখা উচিত বুলিও সেনাপ্ৰধানে মন্তব্য কৰিছিল। কিন্তু সেনাপ্ৰধানৰ এই সকীয়নিৰ কেইঘণ্টামান পাছতে ৰাজৌৰী ছেক্টৰৰ ডুঙ্গালা নাবলা অঞ্চলত কেইবাটাও পাকিস্তানী ড্ৰোন একেলগে দেখা যোৱাৰ ঘটনাই প্ৰমাণ কৰিছে যে সীমান্তৰ সিপাৰৰ পৰা পৰিকল্পিতভাৱে অশান্তি সৃষ্টিৰ চেষ্টা চলিছে।

বাৰম্বাৰ হোৱা এই অনুপ্ৰৱেশৰ পাছত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সীমান্তত অধিক সক্ৰিয়তা বৃদ্ধি কৰিছে। ড্ৰোনবোৰৰ ধৰণ আৰু উৰি অহাৰ সময় পৰীক্ষা কৰি নিৰাপত্তা বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে পাকিস্তানৰ ফালৰ পৰা চোৰাংচোৱা কাম-কাজ তীব্ৰতৰ কৰা হৈছে। পশ্চিম সীমান্তৰ এই পৰিস্থিতি দিনক দিনে অধিক জটিল হৈ পৰিছে যদিও ভাৰতীয় সেনা যিকোনো ধৰণৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ সাজু আছে বুলি সেনা প্ৰধানে দেশবাসীক আশ্বস্ত কৰিছে।