NORTHEAST NOW (Assamese)
Popular Stories

ICC World Cup 2023: ভাগ্য ঘুৰিল! ডাকৱৰ্থ-লুইছত মেচ জিকি যুঁজত টিকি থাকিল পাকিস্তান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 5, 2023 7:50 am

এইখন খেলত জয়ী হ’বই লাগিব এনে চৰ্তৰে পাকিস্তানে খেলপথাৰত প্ৰৱেশ কৰিছিল আৰু অৱশেষত খেলখনত জয়ী হৈ খেলপথাৰৰ পৰা ওলাই আহিল। দলটোৱে ৮খন মেচত ৮ পইণ্ট লাভ কৰিছে। এইদৰে বিশ্বকাপৰ ছেমি ফাইনেলৰ দৌৰত টিকি থাকিল পাকিস্তান।

ফখৰ জামানে ৮১টা বলত ১২৬ ৰান সংগ্ৰহ কৰি ৮টা চাৰি আৰু ১১টা ছয়ৰ সহায়ত কৰা বিধ্বংসী ইনিংছৰ বাবে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে।

অৱশেষত আশংকাই সঁচা হৈ পৰিল। বৰষুণৰ বাবে পুনৰ আৰম্ভ কৰিব পৰা নগ’ল চিন্নাস্বামীৰ পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন।

নিউজিলেণ্ডৰ বিৰুদ্ধে ফখৰ জামানৰ আক্ৰমণাত্মক বেটিং।

জয়ৰ বাবে ৪১ অভাৰত ৩৪২ ৰানৰ সংশোধিত লক্ষ্য আগত লৈ পাকিস্তানে ২৫.৩ অভাৰত ১ উইকেটৰ বিনিময়ত ২০০ ৰান সংগ্ৰহ কৰাৰ সময়তে মেচখন বৰষুণৰ বাবে বন্ধ হৈ পৰে। পাকিস্তানে ডাকৱৰ্থ-লুইছৰ পদ্ধতিৰে ২১ ৰানত জয়লাভ কৰে।

ডাকৱৰ্থ-লুইছৰ নিয়ম অনুসৰি মেচখনৰ এই পৰ্যায়ত জয়ী হ’বলৈ পাকিস্তানক ১৭৯ ৰানৰ প্ৰয়োজন আছিল। কিন্তু সেই লক্ষ্য পাকিস্তানে ইতিমধ্যে অতিক্ৰম কৰিছিল।

শতক অৰ্জনৰ পিছত ফখৰ জামান।

খেলখনত অধিনায়ক বাবৰ আজমে ৬৩টা বলত ৬৬ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা চাৰি আৰু ২টা ছয় মাৰে।

নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভৰ পিছত পাকিস্তান এইবাৰ তালিকাৰ পঞ্চম স্থানলৈ উঠিল। শেষ মুহূৰ্তত যিদৰে ভাগ্য ঘুৰিছে, পাকিস্তানে ছেমি খেলাৰ সম্ভৱনাও বাঢ়িছে।