NORTHEAST NOW (Assamese)
Popular Stories

মিথুনৰ বিৰুদ্ধে বেয়া স্পৰ্শৰ অভিযোগ! শ্বুটিঙৰ সময়ত কিয় কান্দি উঠিছিল সুস্মিতা সেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 4, 2023 9:38 pm

বলিউডৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেনে অভিনেতা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিস্ফোৰক অভিযোগ। 

সেয়া আছিল ২০০৬ চনৰ কথা। চলি আছিল কল্পনা লাজমীৰ দ্বাৰা পৰিচালিত ‘চিংগাৰী’ নামৰ ছবিখনৰ শ্বুটিং। সেই সময়ত বলিউডৰ ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সুস্মিতাই।

চিংগাৰী ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মিথুন চক্ৰৱৰ্তী আৰু সুস্মিতা সেনে। চিনেমাখনত এগৰাকী যৌনকৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল সুস্মিতাই।

যৌনকৰ্মীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুস্মিতাই এটা দৃশ্যত মিথুন চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ দৃশ্যত অভিনয় কৰাৰ কথা আছিল। মিথুনৰ সৈতে এই দৃশ্যটোত অভিনয় কৰিবলৈ তেওঁ অলপ দ্বিধাবোধ কৰিছিল। টেক বাৰে বাৰে ল’বলগীয়া হৈছিল। 

অৱশেষত যেতিয়া শ্বুটিং শেষ হ’ল, সকলোৰে সন্মুখত কান্দি উঠিল সুস্মিতাই। সুস্মিতাই এনেকৈ কান্দি থকা দেখি সকলোৱে আচৰিত হৈ পৰিল। দৌৰি আহিল পৰিচালক কল্পনা লাজমী।

সুস্মিতাই পৰিচালকক অভিযোগ কৰে যে শ্বুটিঙৰ সময়ত মিথুনে তেওঁক বেয়াকৈ স্পৰ্শ কৰিছিল। ছুপাৰষ্টাৰ মিথুনৰ বিৰুদ্ধে এনে অভিযোগ শুনি স্তম্ভিত হৈ পৰিল কল্পনা লাজমী।

ইয়াৰ পিছতে সুস্মিতাক কল্পনা লাজমীয়ে এই বিষয়ে কাকো নজনাবলৈ অনুৰোধ কৰে। লাজমীয়ে কয় যে মিথুনে এনে কাম কেতিয়াও কৰেিব নোৱাৰে, বোধহয় সুস্মিতাই ভুল বুজিছে। লাজমীৰ কথাত সুস্মিতা নীৰৱ হৈ থাকিলেও ছেটত কাম কৰা কলা-কুশলী-শিল্পী সকলৰ মনত সাঁচ বহাই গ’ল এই অভিযোগে।

সুস্মিতাৰ এই অভিযোগৰ কথা গ’ম পাই মিথুনে সু্স্মিতাক বুজনি দিয়ে যে মিথুনৰ উদ্দেশ্য অসৎ নাছিল। সুস্মিতাই মিথুনক ভুল বুজা বুলি কয় মিথুনে। অৱশেষত সুস্মিতাই মিথুনৰ কথাত পতিয়ন যয় আৰু এই ভুলৰ বাবে মিথুনক ক্ষমা বিচাৰে।