NORTHEAST NOW (Assamese)

চীনত অসম আৰক্ষীৰ আধিপত্য, আৰ্চাৰ পল্লৱী নাৰ্জাৰীৰ সোণৰ পদক

August 15, 2019 10:33 pm · এন ই নাও নিউজ
পল্লৱী নাৰ্জাৰী

ভাৰত প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ চেংডুনত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড পুলিছ এণ্ড ফায়াৰ গেমছৰ আৰ্চাৰীৰ মহিলাৰ পৰম্পৰাগত শাখাত সোণৰ পদক অৰ্জন কৰি ৰাজ্য তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম পুলিছৰ পল্লৱী নাৰ্জাৰীয়ে।

পল্লৱীয়ে আগশাৰীৰ প্ৰতিযোগিতাখনত সোণৰ পদক দখল কৰি অসম পুলিছলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, পল্লৱী নাৰ্জাৰীৰ পূৰ্বে একেখন প্ৰতিযোগিতাতে শ্বটপুটত সোণৰ পদক অৰ্জন কৰি অসম পুলিছৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল প্ৰতিভাৱান এথলেট টুনলাই নাৰ্জাৰীয়ে।

আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই টুইটাৰ যোগে টুনলাইক প্ৰতিযোগিতাখনত লাভ কৰা সফলতাৰ বাবে ধন্যাবদো জ্ঞাপন কৰিছিল।

প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে বেলেগ বেলেগ দেশত অনুষ্ঠিত হৈ অহা ৱৰ্ল্ড পুলিছ এণ্ড ফায়াৰ গেমছ চলিত বৰ্ষত চীনত ৮ আগষ্টৰ পৰা আৰম্ভ হৈছে।

বিভিন্ন দেশৰ আৰক্ষীৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন ১৮ আগষ্টত সামৰণি পৰিব।

Related News