NORTHEAST NOW (Assamese)

গুৱাহাটীৰ পাণ বাজাৰ বাছ আস্থানত উদ্বোধন হ’ব মহানগৰীৰ প্ৰথমটো দুগ্ধপান কক্ষ

November 27, 2018 2:22 pm · এন ই নাও নিউজ
Updated: November 28, 2018 1:42 pm

কেঁচুৱা থকা মাতৃসকলৰ সুবিধাৰ্থে তথা বৰষুণৰ সময়ত মহিলাসকলৰ নিৰাপদ আশ্ৰয়ৰ বাবে গুৱাহাটীৰ পান বজাৰত উন্মোচন কৰা হ’ব দুগ্ধপান কক্ষ।

অহাকালি ২৮ নৱেম্বৰ বুধবাৰে পাণ বজাৰৰ পানী যোগান বিভাগৰ কাষত গুৱাহাটীৰ প্ৰথমটোদুগ্ধপান কক্ষ উদ্বোধন কৰা হ’ব।  এই কক্ষটো শীততাপ নিয়ন্ত্ৰিত হ’ব।

মহালক্ষ্মী গ্ৰুপৰ সহযোগিতাৰে গুৱাহাটীৰ অতি প্ৰয়োজনীয় এই দুগ্ধপান কক্ষটো নিৰ্মাণ কৰিছে গুৱাহাটী পৌৰ নিগমে। এই কক্ষটোত এটা টয়লেট সহ এটা কেঁচুৱাক দুগ্ধপান কৰোৱা কক্ষ সংলগ্ন থাকিব।

এই কক্ষটোত মাতৃসকলে কোনো অসহজ অনুভৱ নকৰাকৈ শিশুক দুগ্ধপান কৰোৱাৰ লগতে ধুমুহা আৰু বৰষুণৰ সময়ত আশ্ৰয় দিব পাৰিব।

‘ দ্য টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ঘাইকৈ লিংগ-বৈষম্য দূৰ কৰাৰ উদ্দেশ্য আগত ৰাখি আৰু মহানগৰখনত মহিলাসকলৰ বাবে এটা সহজ অনুভৱ কৰাৰ স্থান সৃষ্টি কৰাৰ উদ্দেশ্যে এই কক্ষ নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামীয়ে কৈছে যে পান বজাৰ বাছ আস্থানত একমাত্ৰ শিশুক দুগ্ধপান কক্ষ স্থাপন কৰা হৈছে যদিও পৰ্যায়ক্ৰমে মহানগৰখনৰ আন আন স্থানটো এই কক্ষ স্থাপন কৰা হ’ব। উল্লেখ্য যে ভ্ৰমণৰ সময়চোৱাত শিশুক দুগ্ধপান কৰোৱাৰ ক্ষেত্ৰত এই কক্ষটোৱে মাতৃসকলক যথেষ্ট উপকৃত কৰিব।

Related News