NORTHEAST NOW (Assamese)
অসম

এইবাৰ পান কাৰ্ডত সংযোজন হ’ব QR ক’ড;  মোডীৰ কেবিনেট বৈঠকত লোৱা হৈছে সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2024 10:03 am

পান কাৰ্ডতো এতিয়াৰে পৰা QR ড থাকিব। সোমবাৰে মোডী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ নাম দিছে পান ২.০ প্ৰকল্প। কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পৰ বাবে মুঠ ১৪৩৫ কোটি টকা আবণ্টন দিছে। পান কাৰ্ডত QR ড থাকিলে আয়কৰদাতাই বহু সুবিধা লাভ কৰিব বুলি কেন্দ্ৰই জানিবলৈ দিয়ে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয়, এতিয়া যিসকলৰ পান কাৰ্ড আছে, তেওঁলোকে বিনামূলীয়াকৈ পান কাৰ্ড উন্নীত কৰিব পাৰিব। সেয়ে, চিন্তাৰ কোনো কাৰণ নাই। তেওঁ লগতে কয়, ‘এতিয়া দেশত ৭৮ কোটি পান কাৰ্ড আছে। ইয়াৰে ৯৮ শতাংশ ব্যক্তিগত পান কাৰ্ড।

PAN কাৰ্ডত QR code সংযোজন কৰিলে কি কি সুবিধা পোৱা যাব?

অনুমান কৰা হৈছে যে QR ক’ড ডিজিটেল ব্যৱস্থাৰ অংশ হৈ পৰিব। স্বচ্ছ বিত্তীয় লেনদেন সহজে কৰিব পৰা যাব। দ্ৰুত পৰিসেৱা উপলব্ধ হ’ব। ব্যক্তিগত তথ্য আৰু একাউণ্টসমূহ সুৰক্ষিত থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো পান ২.০ প্ৰকল্পক লৈ উৎফুল্লিত। প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘এই আঁচনিয়ে আয়কৰদাতাসকলক তেওঁলোকৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰাত উপকৃত কৰিব।’