NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে: দাবী আপৰ

July 13, 2023 3:50 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY) লাভ কৰা ৰাজ্যৰ ৩ লাখ ২ হাজাৰ হিতাধিকাৰীয়ে আজি নিজ গৃহত প্ৰৱেশ কৰিব বুলি ব্যাপক প্ৰচাৰ চলাইছে অসম চৰকাৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। পিছে এই প্ৰচাৰৰ মাজতে যোজনাৰ কেতবোৰ আসোঁৱাহ আঙুলিয়াই দিছে আম আদমি পাৰ্টিয়ে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে যোজনাৰ হিতাধিকাৰী নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়মবোৰ বিভাগটোৱে টন্নটন্নকৈ নিৰীক্ষণ কৰিছে নে, সেই সন্দৰ্ভত পৰ্যালোচনাৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

তদুপৰি হিতাধিকাৰীসকলে সময়মতে কিস্তিসমূহ পাইছে নে নাই সেয়াও পৰীক্ষা কৰা অতি জৰুৰী বুলি তেওঁ মন্তব্য কৰে। আপৰ মতে, চৰকাৰে গৃহ প্ৰৱেশৰ নামত বাতৰি কাকতত বৃহৎ বিজ্ঞাপন দি চৰকাৰী ধন শৰাধ কৰাৰ সময়তে কিন্তু অসমৰ গাঁৱে গাঁৱে হাজাৰ হাজাৰ অৰ্ধ নিৰ্মিত ঘৰ অতি সুলভ হৈ আছে।

পঞ্চায়ত বিভাগে প্ৰস্তুত কৰা নিৰ্দিষ্ট আৰ্হি আৰু প্ৰাক্ কলন মতে হিতাধিকাৰীয়ে নিজৰ গৃহটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে নে নাই সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে আম আদমি পাৰ্টিয়ে।

গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিয়ে হিতাধিকাৰীসকলক মৰমৰ ঘৰটো নিৰ্মাণৰ সময়ত গুণগত মানৰ লগত আপোচ কৰিবলৈ বাধ্য কৰিছে বুলি আম আদমী পাৰ্টিয়ে দাবী কৰিছে।

সেয়ে হিতাধিকাৰীসকলে গৃহ নিৰ্মাণৰ সময়ত নিৰ্মাণ কাৰ্যত গুণগত মানৰ লগত যাতে আপোচ কৰিবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুঠ ধনৰাশি বৰ্তমানৰ ১ লাখ ৫০ হাজাৰৰ পৰা বৃদ্ধি কৰিব লাগে বুলি আম আদমি পাৰ্টীয়ে চৰকাৰক দাবী কৰিছে।

Related News