NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ ৰাজ্যজুৰি ৩ দিনীয়া কৰ্মিবিৰতি ৰূপায়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2019 7:24 am
Social welfare worker protest

পঞ্চায়ত আৰু গ্ৰাম্যন্নয়ন বিভাগৰ কৰ্মচাৰী সকলে মুঠ ৮৬২০ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন দাবী সমূহ দীৰ্ঘদিনৰ পৰাই চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত মঙলবাৰৰ পৰা বৃহস্পতি বাৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে কৰ্মবিৰতি ঘোষণা কৰিছে।

মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলে সমগ্ৰ অসমতে কৰ্মবিৰতি পালন কৰে।

পঞ্চালয় আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলৰ কৰ্মবিৰতিৰ ফলত বিভাগটোৰ কাম-কাজ সমূহ স্তব্ধ হৈ পৰে।

আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ সমষ্টি ঢকুৱাখানাতো চাকৰি নিময়ীয়াকৰণৰ দাবী উত্থাপন কৰি কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰে কামত নিয়োগ কৰাৰ পাছত বছৰ বছৰ ধৰি কৰ্মচাৰী সকলৰ চাকৰি নিময়ীয়া নকৰিলে বুলি অভিযোগ উত্থাপন কৰি এগৰাকী প্ৰতিবাদকাৰীয়ে পুনৰ ১০ আৰু ১১ অক্টোবৰত তেওঁলোকে কৰ্মবিৰতি ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে।

চৰকাৰৰে ইয়াৰ পাছতো দাবীসমূহ মানি নললে ১৪ অক্টোবৰৰ পৰৱৰ্তী সময়ত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰা হ’ব বুলি হুংকাৰ দিয়ে।