NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত পুৱতি নিশালৈ চলিব ভোট গণনা; বিজেপিৰ দখললৈ সৰহ সংখ্যক আসন

Posted by: পার্শ্বজোতি গগৈ December 12, 2018 10:41 pm
Sivasagar

আজি পুৱাৰ পৰা আৰম্ভ হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া শিৱসাগৰত বাতৰি লিখা সময়লৈকে চলি আছে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত চলি থকা ভোট গণনা প্ৰক্ৰিয়া আজি পুৱতি নিশালৈকে হোৱাৰ সম্ভাৱনা আছে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ আন ঠাইৰ লগতে শিৱসাগৰটো বিজেপিয়ে বৰ্তমানলৈকে অগপ আৰু কংগ্রেছত কৈ বেছি আসন লাভ কৰিছে।

শিৱসাগৰ জিলা প্ৰশাসনে ঘোষণা কৰা শেহতীয়া ফলাফল অনুসৰি আঞ্চলিক পৰিষদ সদস্যৰ ৬২খন আসনৰ ভিতৰত ১৭ খনৰ ফলাফল ঘোষণা কৰা হৈছে।

আঞ্চলিক পৰিষদৰ সদস্য পদত বিজেপিয়ে ৭খন আসন লাভ কৰাৰ বিপৰীতে অগপই ৪খন আৰু কংগ্রেছে ৬খন আসন লাভ কৰিছে। আনহাতে ৬২খন গাঁও পঞ্চায়ত সভাপতিৰ পদৰ ভিতৰত ১৭খনৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াত অগপই ৪ খন আৰু কংগ্রেছে ৭খন আখন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাইছে ৬খন।

ইয়াৰ উপৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড পদৰ ৬২০ টা পদৰ ভিতৰত ২৩১ টা পদৰ ফলাফল ঘোষণা কৰা হৈছে। উক্ত পদসমূহত বিজেপিয়ে ১০২খন আসনত জয়লাভ কৰাৰ বিপৰীতে অগপই ৪৬খন আৰু কংগ্ৰেছে ৮৩খন আসন লাভ কৰিছে।