১০ জানুৱাৰীৰ পূৰ্বেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন : সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ
অসম চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত বহুসংখ্যক কৰ্মচাৰী ব্যস্ত হৈ থকাৰ অজুহাতত পিচুৱাই থকা পঞ্চায়ত নিৰ্বাচন পাতিবলৈ অৱশেষত সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগে।
‘২০১৯’ৰ ১০ জানুৱাৰীৰ ভিতৰতেই ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন’,- নৰ্থ-ইষ্ট নাওক এই কথা জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই।
উল্লেখ্য যে যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ জানুৱাৰীৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচন পাতিবলৈ চৰকাৰক কঢ়া নিৰ্দেশ দিছে। ন্যায়ালয়ে লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে আৰু সময় নিবিচাৰিবলৈও কৈছে।
আগন্তুক নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত বৰাই কয়, ‘’উচ্চ ন্যায়ালয়ে যিহেতু ১৫ জানুৱাৰীৰ ভিতৰত এই নিৰ্বাচন পাতিবলৈ কৈছে গতিকে আমি জানুৱাৰীৰ ১০ তাৰিখৰ ভিতৰতে সমগ্ৰ প্ৰক্ৰিয়া শেষ কৰাৰ ব্যৱস্থা লৈছো। কাৰণ ১৩ জানুৱাৰীৰ পৰা ভোগালী বিহু আৰম্ভ হ’ব আৰু সকলোৱে বিহুক লৈ ব্যস্ত হ’ব লাগিব। সেয়ে তাৰ আগতেই পঞ্চায়ত নিৰ্বাচনৰ কাম শেষ কৰা হ’ব।‘’
আনহাতে, এই নিৰ্বাচন সমগ্ৰ ৰাজ্যখনত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। লগতে পূজাৰ পাছতেই নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
উল্লেখ্য যে, পূৰ্বে ২৯ মে’ত উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশত ৰাজ্য চৰকাৰক ১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আদেশ দিছিল। কিন্তু চৰকাৰে পুনৰ সেই সময়সীমা বৃদ্ধি কৰিবলৈ আৱেদন জনাইছিল ন্যায়ালয়ত।
এই আৱেদনৰ ৯ অক্টোবৰত শুনানি লৈ সকলো কথা চালি-জাৰি চাই ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চূড়ান্ত সময়সীমা পুনৰ বান্ধি দিয়ে চৰকাৰক।