NORTHEAST NOW (Assamese)

‘মেই অটল হু’ ছবি মুক্তিৰ পিছতে অভিনয় এৰিব পংকজ ত্ৰিপাঠীয়ে? কিয় ল’লে এই সিদ্ধান্ত?

January 11, 2024 11:44 am · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীয়ে বিগত দুটা দশক ধৰি হিন্দী মনোৰঞ্জন জগতত অক্লান্তভাৱে কাম কৰি আহিছে। বহুমুখী অভিনয়েৰে দৰ্শকক মোহিত কৰাৰ লগতে চৰিত্ৰটো যিমানেই ডাঙৰ বা সৰু নহওক কিয় সকলো চৰিত্ৰকে মৰ্যাদাৰে চিত্ৰিত কৰি তুলিছে। এই মুহূৰ্তত তেওঁ নিজৰ নতুন ছবিখনকলৈ ব্যস্ত।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ আগন্তুক ছবি ‘মেই অটল হু’। অৱশ্যে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ পৰ্যাপ্ত জিৰণি নোপোৱাৰ বাবে ছবিখন মুক্তি পোৱাৰ পিছত বিৰতি লোৱাৰ ইংগিত দিছিল।

লগতে পঢ়কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত `কংগ্ৰেছক আমন্ত্ৰণ জনাই পাপ হ্ৰাস কৰাৰ সুযোগ দিছিল বিশ্ব হিন্দু পৰিষদে’: হিমন্ত বিশ্ব শৰ্মা

সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে তেওঁ নিজৰ ব্যস্ত কামৰ বাবে পৰ্যাপ্ত জিৰণি পোৱা নাই। কেনেকৈ তেওঁৰ সংগ্ৰামৰ দিনবোৰতো তেওঁ আঠ ঘণ্টাৰ টোপনি নিশ্চিত কৰিছিল সেয়াও তেওঁ ব্যক্ত কৰে।   কিন্তু তেওঁ স্বীকাৰ কৰে যে আজিকালি তেনে কৰিবলৈ অক্ষম। আঠ ঘণ্টা জিৰণি লোৱাৰ মূল্য উপলব্ধি কৰি তেওঁ ছবিখনৰ প্ৰচাৰ শেষ হোৱাৰ পিছত জিৰণি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, যাতে তেওঁ কিছু অতি প্ৰয়োজনীয় জিৰণি ল’ব পাৰে।

এক সংবাদ মাধ্যমৰ আগত পংকজ ত্ৰিপাঠীয়ে কয়, ‘মোৰ দীঘলীয়া সংগ্ৰামৰ সময়ত মই আঠ ঘণ্টা শুইছিলো। কিন্তু এতিয়া সফলতাৰ এই বছৰবোৰত মই সেই আঠ ঘণ্টাৰ টোপনিও পোৱা নাই। এতিয়া সেই আঠ ঘণ্টাৰ টোপনিৰ মূল্য বুজিলোঁ।

ছবিখন (মেই অটল হু) মুক্তি পালে আৰু সকলো প্ৰচাৰ শেষ হ’লে মই বাদ দিম।  ব্যক্তি হিচাপে মই অতি দৃঢ়প্ৰতিজ্ঞ। যদি মই মোৰ মগজুক খোৰাক দিব বিচাৰো যে মোক মোৰ আঠ ঘণ্টাৰ টোপনি লাগে, তেন্তে মোৰ প্ৰয়োজনীয়খিনি পাম’।

লগতে পঢ়কঃ বিভ্ৰান্তিকৰ বিজ্ঞাপন! কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ কেন্দ্ৰৰ; ৩১ টা চেন্টাৰৰ বিৰুদ্ধে জাননী জাৰি

উল্লেখ্য যে  পংকজ ত্ৰিপাঠীৰ আগন্তুক ছবি ‘মেই অটল হু’ৰ পৰিচালনা ৰবি যাদৱ আৰু চিত্ৰনাট্য ৰচনা কৰিছে ঋষি ভাৰ্মানুৱে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আধাৰিত এই ছবিখন ১৯ জানুৱাৰীত মুক্তি পাব। 

Related News