NORTHEAST NOW (Assamese)

বিগ ছাউণ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ পাঞ্চী ব্ৰহ্মৰ

October 27, 2020 4:49 pm · এন ই নাও নিউজ

আন্তঃৰাষ্ট্ৰীয় চিনেমা জগতত পুনৰ এবাৰ উজলি উঠিছে অসম কন্যা পাঞ্চী ব্ৰহ্ম।

জনপ্ৰিয় বড়ো অভিনেত্ৰী পাঞ্চীয়ে কানাডাত অনুষ্ঠিত বিগ ছাউণ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২০ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।

‘ডাস্ক’(Dusk) নামৰ এখন চুটি ছবিৰ বাবে পাঞ্চীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

উজ্জ্বল পলৰ কাহিনী আৰু অভিষেক বাসু ৰয়ৰ পৰিচালনাত নিৰ্মিত হৈছে এই ছবিখন।

পাঞ্চীয়ে এগৰাকী নেপালী বেশ্যাৰ চৰিত্ৰত অভিনয় কৰা ছবিখনৰ ট্ৰেইলাৰ অলপতে মুক্তি লাভ কৰিছে।

উল্লেখ্য যে বিগ ছাউণ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলখন কানাডাৰ অণ্টাৰিওৰ পেৰী ছাউণ্ডৰ দ্যা ষ্টকি চেণ্টাৰত অনুষ্ঠিত হৈছিল।

তিনিদিনীয়াকৈ অনুষ্ঠিত এই ফিল্ম ফেষ্টিভেলখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা সকলৰ বাবে এক উচিত প্লেটফৰ্ম হিচাপে পৰিচিত।

মন কৰিবলগীয়া যে ডাস্ক নামৰ চুটি ছবিখন কলকাতা ফিল্ম ফেষ্টিভলতো প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

কোকৰাঝাৰ জিলাৰ বাগানচালিৰ নিবাসী পাঞ্চী ব্ৰহ্মই ইয়াৰ পূৰ্বে বড়ো মাধ্যমৰ পূৰ্ণাংগ ছবি ‘জেলই-দিয়া-চিট’ (Jeloi-Dia-Sit)ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

Related News