NORTHEAST NOW (Assamese)

কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ পাপুল চাংমাইৰ ৰূপৰ পদক অৰ্জন

July 13, 2019 8:30 am · এন ই নাও নিউজ
পাপুল চাংমাই(সোঁফালৰ গৰাকী)

ছামোৱাৰ এপিয়াত অনুষ্ঠিত হৈ থকা কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসমৰ ভাৰোত্তোলক পাপুল চাংমায়ে ৰূপৰ পদক দখল কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত পুৰুষৰ ছিনিয়ৰ ৮১ কেজিৰ শাখাত অংশলোৱা পাপুল চাংমায়ে স্নেটছত ১৩৫ কিলোগ্ৰাম, ক্লিন আৰু জাৰ্কত ১৭৮ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি মুঠ ৩১৩ কিলোগ্ৰাম ভাৰোত্তোলন কৰি ৰূপৰ পদক দখল কৰে।

পাপুল চাংমাই প্ৰতিযোগিতাখনত পদক দখল কৰাৰ পাছত ভাৰতীয় দলটোৰ প্ৰশিক্ষক আৰু চাপোৰ্টিং ষ্টাফৰ সকলো সদস্য উৎফুল্লিত হৈ পৰিছে।

আনহাতে, অসমৰ প্ৰতিভাৱান ভাৰোত্তোলক পাপুল চাংমাইৰ কমনৱেলথ ভাৰোত্তলন চেম্পিয়নশ্বিপত লাভ কৰা সফলতাত উৎসাহিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকল।

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে জুনিয়ৰ ছোৱালীৰ ৪৫ কিলোগ্ৰাম আৰু ৪০ কিলোগ্ৰাম শাখাত ক্ৰমে বৰ্ণালী বৰা আৰু ৰেখামণি বৰাই পদক কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। পাপুল চাংমাই পদক লাভ কৰাৰ লগে লগে প্ৰতিযোগিতাখনত অসমৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে তেওঁ পদক দখল কৰিলে।

Related News