NORTHEAST NOW (Assamese)
Popular Stories

মৃত সুশান্ত ৰাজপুতৰ আত্মাৰ সৈতে কথা পাতিলে অধিভৌতিক বিশেষজ্ঞ ষ্টীভ হফে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2020 11:24 am
sushant-paranormal-750x

প্লেনছেটৰ মাধ্যমেৰে মৃত ব্যক্তিৰ আত্মাক মতাৰ কথা আমি বহুতেই শুনি আহিছো। আন নালাগে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেও প্ৰিয় ব্যক্তিৰ আত্মাক আৰাধনা কৰাৰ কথা বহুতেই জানে।

আমেৰিকাৰ দৰে উন্নত দেশত আত্মাৰ আহ্বান, অলৌকিক কাৰ্যৰ সাধনাৰ বাবে বহু পেৰানৰমাল সংস্থা আছে।

যি কি নহওঁক, যোৱা ১৪ জুনত আত্মহত্যা কৰা বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰো আত্মাক এইবাৰ পৃথিৱীলৈ আহ্বান জনাই সেই আত্মাৰ সৈতে কথা পাতিলে বিশ্বৰ আগশাৰীৰ পেৰানৰমাল অর্থাৎ অধিভৌতিক বিশেষজ্ঞ ষ্টীভ হফে।

আত্মাক আহ্বান জনাবলৈ সাজি উলিওৱা বিশেষ যন্ত্ৰৰ সহায়ত হফে সুশান্তৰ আত্মাক মাতি আনে আৰু বহু সময় ধৰি কথা পাতে বুলি পেৰানৰমাল বিশেষজ্ঞ গৰাকীয়ে দাবী কৰিছে।

সুশান্তৰ একাংশ অনুৰাগীৰ অনুৰোধ ৰক্ষা কৰিয়েই হফে মৃত অভিনেতা গৰাকীৰ আত্মাক ধৰালৈ নমাই অনা বুলি হফে কৈছে।

ইতিমধ্যে পৰোনৰমাল বিশেষজ্ঞ গৰাকীয়ে সুশান্ত ৰাজপুতৰ আত্মাৰ সৈতে কথা পতাৰ ভিডিঅ’ ইউটিউৱত থকা তেওঁৰ নিজা চেনেলত প্ৰচাৰ কৰিছে।

সুশান্তৰ আত্মাক মাতি আনি হফে সুধিছে—‘তুমি পোহৰৰ সৈতে মিলি আছা নে?’ আত্মাৰ উত্তৰ—‘হয়, আছো’।

হফৰ কথা—‘মই তোমাৰ সৈতে বিশেষ পৰিচিতি নহয়, তথাপি তোমাৰ জনপ্ৰিয়তাৰ কথা তোমাৰ অনুৰাগী সকলৰ মুখত শুনিছো।‘

হফৰ এই বাৰ্তালাপৰ ভিডিঅ’ই বেছ সহাঁৰি লাভ কৰিছে।